Saturday, March 18, 2023
HomeAssameseবায়ু, পানী আৰু মাটি প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা নকৰিলে ধ্বংস হব পৃথিৱী

বায়ু, পানী আৰু মাটি প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা নকৰিলে ধ্বংস হব পৃথিৱী

বায়ু, পানী আৰু মাটি প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা নকৰিলে ধ্বংস হব পৃথিৱী

দেওবাৰে পৰিৱেশ সুৰক্ষা সমিতি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ডিমৰুগুৰি সমিতি গঠন কৰা উদ্দেশ্যে সমিতিৰ কেন্দ্ৰীয় উপসভাপতি দিগন্ত ভট্টৰ সভাপতিত্বত বিশেষ সভা অনুষ্ঠিত হয়।

সভা পৰিচালনা কৰে পৰিৱেশ সুৰক্ষা সমিতিৰ জিলা সম্পাদক ৰাজীৱ গগৈ। সভাত পৰিৱেশ কৰ্মী ভৱ দাসক সভাপতি , উপসভাপতি পল্লব বৰপাত্ৰ , ক্ষীৰোদ কাকটিক সম্পাদক আৰু উত্তম চেতিয়াক সহকাৰী সম্পাদক হিচাপে লৈ এখন ২১ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়।

বায়ু, পানী আৰু মাটি প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা নকৰিলে ধ্বংস হব পৃথিৱী

 

সভাত উপস্থিত থকা কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই বায়ু, পানী আৰু মাটি প্ৰদূষণৰ বিষয় টো গুৰুত্ব সহকাৰে লৈ ইয়াক নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়-“সময় থাকোঁতে আমি মানৱ জাতিয়ে ইয়াৰ ব্যৱস্থা গ্ৰহণ নকৰিলে মানৱ জাতিৰ লগতে প্ৰাণীকুলৰ ধ্বংস হব।”

বায়ু, পানী আৰু মাটি প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা নকৰিলে ধ্বংস হব পৃথিৱী

আজি ডিমৰুগুৰি সমিতি গঠন উপলক্ষে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি বৰ্ষজোৰা গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালন কায্যসূচী অন্তৰ্গত গছপুলি ৰোপন কায্যসূচী শুভাৰম্ভ কৰে ।

পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱা । আগবঢ়াবআজি সংস্কৃতি সম্পাদক জিন্টু শইকীয়া, জিলা উপসভাপতি ওৱাজিদ খানউপস্থিত থাকে।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments