বালিচৰত বৰষুণৰ বতৰা ২৪

0
129
বালিচৰত বৰষুণৰ বতৰা ৪

বালিচৰত বৰষুণৰ বতৰা ২৪

মানুহেই বুজে মানুহৰ যন্ত্ৰণাঃ
সাতখন সাগৰ ধৌ নেওচি,
তেৰখন নদীৰ পানী ফালি – 
আগুৱাই আহিছিল এখন নাওঁ।
এজন গুৰিয়াল ।
বৰগাং, বুঢ়ী গাং হৈ থিতাপি লৈছিল 
যোৰহাটৰ পথৰুৱা ভূমিত ।
তেওঁ মুৰ তুলি চাইছিল — 
আৰ্তজনৰ দুখবোৰ :
চকুত ভাঁহি উঠিছিল তেওঁৰ – 
কৰুণাৰ এখন সাগৰ । 
অকল সেয়াই নে? 
কানিৰ ৰাগীত নিশকতীয়া মানুহৰ সমদল। 
এলেহুৱা মানুহৰ মৌনতাৰ নিশ্বাসত জহি খহি যোৱা 
পৃথিৱীৰ এটা প্ৰাচীনতম আৰু উৰ্বৰা ভাষা, 
যাক পোষণ কৰিছিল মাধৱ কন্দলী, শঙ্কৰদেৱ, মাধৱদেৱ, ভট্টদেৱ আদি অসংখ্য মণিষীয়ে ।
চৌদিশে বিহমেটেকা; জাৰণি আৰু ষড়যন্ত্ৰ 
চেপি খুন্দি নিশেঃষ কৰাৰ অভিসন্ধি
পৃথিৱীৰ এক শ্ৰেষ্ঠতম ভাষাক । 
তাৰ ওপৰত আছে নিষ্পেষণ,
বিদেশী শাসকৰ! 
তেওঁ চাই থাকিব নোৱাৰা হ’ল । 
আত্মাৰাম শৰ্মাক মাতি আনি,
আখৰৰ যন্ত্ৰত ঢালি 
বিলাবলৈ ল’লে ত্ৰাণকৰ্তাৰ মধুৰ ৱাণী । 
অকল সেয়াই নে? 
অসমীয়াৰ জাতীয় জীৱনত সূৰ্য্যোদয় উন্মোচিত কৰি 
ঢালি দিলে ” অৰুনোদই” ৰ হিৰণ কিৰণ । 
আৰু অনেক কাহিনী, দি দি শেষ নহয় তাৰ বিৱৰণ — 
সেই জনেই মহান – নাথান ব্ৰাউন ।
অসমীয়া ভাষাৰ ত্ৰাণকৰ্তাৰ মাজৰ এজন ।
শ্ৰদ্ধা সহকাৰে জনালোঁ প্ৰণাম।
খৃষ্টোফাই এই কবিতাটো পঢ়ি আছিল । সেই সময়তেই এপ্ৰিলাই চাহবাগিচা চাই ঘুৰি আহিল। এপ্ৰিলাই কবিতাটো পঢ়ি চালে। অসমীয়া ভাষাৰ মুমূৰ্ষু অৱস্থাত , তেৱোঁ সেই সাতসাগৰ তেৰ নদীৰ সিপাৰৰ পৰা আহি ভাষাটো প্ৰোষিত কৰিছিল । কি আছিল তেওঁৰ অন্তৰত? ধৰ্ম? মানৱ সেৱা? তেন্তে ভাষাৰ লগত কি সম্বন্ধ?
এপ্ৰিলাৰ কৌতুহল খৃষ্টোফাই নিবাৰণৰ চেষ্টা কৰিছিল —
১৭৬৯ খ্ৰীষ্টাব্দৰ পৰা ১৮০৬ খ্ৰীষ্টাব্দলৈকে সামৰি প্ৰথমবাৰৰ বাবে তিনিটা গুৰুত্বপূৰ্ণ ঘটনাৰে “জনগোষ্ঠীয়  আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম” এলানিয়ে অসমৰ ৰাজনৈতিক,  আৰ্থসামাজিক আৰু জাতীয় জীৱনক বিপন্ন কৰাৰ পথ মুকলি কৰিছিল । আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ অবিবেচনা আৰু পূৰ্বৱৰ্তী ৰজা-বিষয়াৰ অত্যাচাৰৰ ফলশ্ৰুতিত এই সংগ্ৰামৰ জন্ম হৈছিল, যাক “মায়ামৰীয়া বিদ্ৰোহ” বুলি বুৰঞ্জীয়ে স্মৰণ কৰে। এই বিদ্ৰোহে আহোম ৰাজপাট দখল কৰি আহোম সাম্ৰাজ্যৰ কঁকাল ভাঙি দিয়ে। মাত্ৰ কেইজনমান মহন্তৰ বিদ্ৰোহ দমন কৰিব নোৱাৰাকৈ নিশকতীয়া হোৱা, আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই বৃটিছৰ সহায় ভিক্ষা কৰিব লগা হৈছিল মোৱামৰীয়া মহন্তৰ বিদ্ৰোহ দমন কৰিবলৈ। তাৰ পিছত মানৰ আক্ৰমণ। এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ। দেশখনৰ সামাজিক আৰু ৰাজনৈতিক দুয়োটা দিশেই ভয়ংকৰ ভাৱে ধংসৰ মুখত। মানৰ আক্ৰমণৰ মাজেৰে লাভ কৰা ইয়াণ্ডাবু সন্ধিৰ শান্তিয়ে কিছুপৰিমানে হ’লেও অসমীয়া জাতিটোক সকাহ দিছিল। কাৰণ সেই সময়ত প্ৰতিবাদ কৰিবলৈ অসমীয়া মানুহৰ শৰীৰত শক্তি নাছিল। নাছিল কোনো মনৰ উদ্যম। তাত সাহিত্য সৃষ্টিৰ কোনো অৱকাশেই নাছিল ।
পৰবৰ্তী সময়ত বৃটিছৰ ছত্ৰছায়াৰ নতুন সমাজ ব্যৱস্থাত  মধ্যবিত্ত শ্ৰেণী এটাৰ আবিৰ্ভাব ঘটে। পৃথিৱীত যিমান ঔপনিবেশক সমাজ আছে, সকলোবোৰতে এই  মধ্যবিত্ত শ্ৰেণীৰ বিকাশ আৰু সংবৰ্দ্ধন হয়। অসমতো হৈছিল। গতিকে এই শ্ৰেণীটোৱে ঔপনিবেশিক শোষণৰ ছাঁতেই তেওঁলোক জীয়াই থকাৰ সপোন দেখিছিল । 
১৮৩৬ চনত ৰেভিনিউ কমিচনাৰ জেনকিন্সে উইলিয়াম ৰবিনছনৰ সহযোগত স্কুল-কাছাৰীৰপৰা অসমীয়া ভাষা বহিষ্কাৰ কৰি বঙলাক গৃহস্থ পাতি দিলে । এই মধ্যবিত্ত শ্ৰেণীয়ে তেতিয়াও মুৰ তুলি মাত এষাৰ নামাতিলে। তেওঁলোক–  ” Indian in blood, in colour,  but English in taste in opinions , in morals and in intellect. “
হলিৰাম ঢেকিয়াল ফুকনৰ বাংলা ভাষাৰ ” আসাম বুৰঞ্জী ” ( ১৮২৯ ), যদুৰাম ডেকা বৰুৱাৰ-” অসমীয়া বাংলা অভিধান” ( ১৮৩৯ ) আদি কিতাপে মধ্যবিত্ত শ্ৰেণীৰ বাংলা প্ৰীতিৰ স্বাক্ষৰ বহন কৰিছিল । ১৮৩৫ চনত গুৱাহাটীত প্ৰথম  ইংৰাজী মাধ্যমৰ বিদ্যালয় “ইংলিছ চেমিনাৰী” প্ৰতিষ্ঠা হৈছিল। ১৯৪১ চনত শিৱসাগত দ্বিতীয়খন ইংৰাজী মাধ্যমৰ বিদ্যালয়ো  প্ৰতিষ্ঠা কৰা হৈছিল । এই ইংৰাজী মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠাৰ অন্তৰালত আছিল ইংৰাজৰ সাম্ৰাজ্যবাদী কৌশল। আনহাতে, সেই স্কুলত ল’ৰা-ছোৱালী পঢ়াবলৈ হেতা-ওপৰা কৰাসকল হৈছে অসমৰ এই মধ্যবিত্ত শ্ৰেণীৰ লোকসকল, যিটো আজিৰ মধ্যবিত্ত অভিভাৱক সকলেও কৰি আছে । কিন্তু এটা কথা ঠিক যে এই সকল মধ্যবিত্ত শ্ৰেণীৰ ল’ৰায়েই যেতিয়া কলিকতাৰ পৰা  পঢ়ি শুনি অসমলৈ উভটি আহিছিল, লগত লৈ আহিছিল তীব্ৰ জাতীয়তাবাদৰ স্বাভিমান । 
১৮৭৪ চনত অসমৰ হাইস্কুল ৬ খন আৰু মধ্য ইংৰাজী বিদ্যালয়- ১১ খনে তেতিয়ালৈকে জ্ঞানৰ বিস্তাৰ সাধনত ব্ৰতী হৈ আছিল কেৱল বঙালী ভাষাৰ মাধ্যমেৰেই ।  
এইবোৰৰ মাজতেই এটা অতি উল্লেখযোগ্য ঘটনাই অসমীয়া ভাষাৰ অস্তমিত প্ৰায় ৰবি ওভটাই আনিবলৈ আগবাঢ়ি আহিল —
১৮১৩ খ্ৰীষ্টাব্দত চাৰ্টাৰ এক্টৰ অধীনত মূলতঃ বৃটিছ সাম্ৰাজ্যবাদৰ সম্প্ৰসাৰণৰ সপোনতেই ভাৰতত খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰৰ  অনুমতি বৃটিছ চৰকাৰে জাৰি কৰিলে।তাৰেই ফলশ্ৰুতিত ১৮২৯ চনত বৃটিছ মিছনেৰী সকল অসমত উপস্থিত হ’ল । কিন্তু তেৱোঁলোক বিফল হ’ল। তাৰ পিছতই আমেৰিকান বেপ্তিষ্ট মিছনেৰীসকলে অসমত পদাৰ্পণ কৰে। ১৮৪১ চনৰ ১৩ মেত নিধিৰাম কেওঁট নামৰ লোক এজনক খ্ৰীষ্টান ধৰ্মত দীক্ষিত কৰা ঘটনাটো তেওঁলোকৰ এক বৃহত সাফল্য  তথা অসমত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ মাইলৰ খুটি হিচাপে চিহ্নিত হৈ পৰিল। যাজকসকলে তেওঁৰ নাম নিধি লেভী ফাৰৱেল ৰাখিলে। পিছলৈ আত্মাৰাম শৰ্মায়ো খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিলে (অৱশ্যে কলিয়াবৰত থকা তেওঁৰ পৰিয়ালে এই কথা অস্বীকাৰ কৰিছে।)। তেওঁ ধৰ্মপুস্তক নামেৰে অল্ড টেষ্টামেন্টখন অসমীয়াত অনুবাদ কৰিলে শিৱসাগৰৰ ছপাশালত বহি । আৰু তেতিয়াই নগাঁওতো মিচন স্থাপন কৰা হৈছিল । 
১৮৪৬ চন। অসমীয়া ভাষাৰ নুমুৱাই যাবলৈ ওলোৱা শলিতা ডালত তেল ঢালিবলৈ মিছনেৰী ছঁপাশালৰ পৰা জ্বলমলাই ওলাই আহিল -“অৰুনোদই”। “অৰুনোদই” ৰ প্ৰতিষ্ঠাপকো সেই নাথান ব্ৰাউন, যিয়ে অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠা কৰিবলৈ জীৱনটোকেই উচৰ্গা কৰিছিল ।
কি আছিল তেওঁলোকৰ অসমৰ লগত সম্পৰ্ক?  মাত্ৰ ধৰ্ম প্ৰচাৰ? কিন্তু কিমান দূৰলৈকে তেওঁলোকে ভাবিছিল! আৰু আমি বোৰে কি কৰি আছোঁ ? দেশৰ কামত, ভাষাৰ কামত, সাহিত্যৰ কামত কিমান সময় দিব পাৰিছোঁ ? চৰকাৰী ধনৰ আত্মসাৎ, কামত ফাকি, বনৰীয়া জীৱ জন্তু হত্যা কৰি, তাৰ হাড়, ছাল, খড়্গৰ ব্যৱসায়, টকাৰ বিনিময়ত ডাঙৰ ডাঙৰ চাকৰিৰ লেনদেন । মানুহৰ নৈতিকতা বোলা বস্তুটো শেষ হৈ গ’ল।
খৃষ্টোফাৰ প্ৰতি এপ্ৰিলাৰ মনত আন্তৰিকতাৰ ভাবটো আৰু দৃঢ় হৈ পৰিল । এই দুদিনতে তাই বুজিব পাৰিছে খৃষ্টোফাৰ মনৰ দুৱাৰ বহুত বহল। সেই দুৱাৰেদি যিকোনো মানুহেই ওলোৱা সোমোৱা কৰিব পাৰে, লাগিলে সি বেয়া উদ্দেশ্য লৈয়েই নাহক কিয়। আৰ কে ৰ বাবেই যেন খৃষ্টোফাৰ জন্ম হৈছিল । নহ’লেনো এপ্ৰিলাই তাক আৱদ্ধ কৰি ৰাখিব নোৱাৰিলে কিয়? নে খৃষ্টোফাই তপস্যা কৰিছিল আৰ কে ক পাবলৈ জনম জনম ধৰি? আৰ কে আৰু খৃষ্টোফা একোতেই নিমিলে । ধৰ্ম, বৰ্ণ, ৰূপ, শিক্ষা আনকি শাৰীৰিক গঠনৰ ফালৰ পৰাও। অথচ কোনো কমপ্লেক্স নাই । কোনো হীনমন্যতা নাই। তাই আৰু বেছি চিন্তা কৰিব নোৱাৰিলে ।
আগত মানুহে আন মানুহৰো যন্ত্ৰণা বুজিবলৈ চেষ্টা কৰিছিল । আজি কালি বুজা মানুহ আছে নে?
আছে চাগে! — এপ্ৰিলাই ভাবিছিল! 
ক্ৰমশঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here