বালিচৰত বৰষুণৰ বতৰা ১
আৰ কে বেজবৰুৱা
সহানুভূতিৰ হাত বাউলি——
এপ্ৰিলাই যিমানখিনি নম্বৰ সংগ্ৰহ কৰিব পাৰিছিল, সেই সকলোবোৰলৈক মেছেজ পঠালে। ” Please meet on 15th April at Utopia Mension. 153 – Aprila. “
তাই আশা কৰিলে, সকলোখিনি ল’ৰাই আহিব, উৎপল আৰু ৰবীনৰ বাদে। কাৰণ, সিহঁত দুটা বৰ্তমান অসমৰ বাহিৰত । হিতাংশু তেজপুৰতে আছিল।
ডিছেম্বৰ মাহত নামেৰিলৈ পিকনিক খাবলৈ যাওঁতে তাই তাক বালিপাৰাত হঠাতে লগ পাই গৈছিল। পিকনিকৰ পৰা ঘূৰি আহোঁতে বালিপাৰাত সিহঁত চাহ খাবলৈ অলপ সময়ৰ বাবে ৰৈছিল। পিছফালৰ পৰা ” এপ্ৰিলা বা ” শব্দটো শুনি তাই ঘূৰি দিওঁতেই ল’ৰা এজনৰ হাঁহি থকা মুখখন দেখি থঁৰ লাগিল। তাই চিন-অচিনৰ দোমোজাত। সি আগুৱাই আহিল ।
“চিনিপোৱা নাই? হিত ।” – তাই চমকি উঠিল ।
” তুমি ইয়াত? “
” অঁ , বা । আৰ কে দাৰ ওচৰলৈ গৈছিলো।”
” আৰ কে? “– তাই দুগুণ আচৰিত হৈছিল।
আৰ কে ক লগ নোপোৱা আজি প্ৰায় ত্ৰিশ বছৰ হ’ব। বহুত স্মৃতি বিজড়িত হৈ আছে তাইৰ, আৰ কে ৰ সৈতে । বহুত কথা সুধিব লগা আছে তাক ।
কিন্তু তাইৰ আশ্চৰ্য্য হিতৰ চকুত ধৰা পৰিব নিদিলে। লাহেকৈ সুধিলে —
” আৰ কে এতিয়া ক’ত? বহু বছৰ হ’ল, দেখা নোপোৱা। কেনে আছে তেওঁ?”
” আৰ কে দা ক’ত সলনি হ’ব বা। একেই আছে । চেহেৰা, কথা-বতৰা আৰু কাম একেই বিন্দাচ । বাগানত চাকৰি কৰে। ৰঙাপৰাত। মোক জোৰ কৰি দুদিন ৰাখিলে।” ভিতৰত এপ্ৰিলা উদ্বাউল হৈছিল, আৰ কে ক লগ পাবলৈ। বালিপাৰাৰ পৰা মাত্ৰ দহ কিলোমিটাৰ। তাইৰ এনে লাগিছিল যেন এতিয়াই গাড়ী ঘূৰাই দৌৰি যাব — আৰ কে ক লগ ধৰিবলৈ। কিন্তু বাস্তৱত সেয়া সম্ভৱ নহয়। কাৰণ, মানুহবোৰ সামাজিক ভাৱে দায়বদ্ধ। সময়ত আমি কিছুমান পৰিভাষা আৰু পৰিসীমা আৱশ্যক নহ’লেও মানি চলিব লগা হয় সেই বাবেই। তাই নিজকে সংযত কৰি ল’লে। হিতাংশুৰ পৰা তাৰ ফোন নম্বৰটো লৈ থ’লে।
দুই এটা কথা পাতি সিহঁত এৰা এৰি হ’ল। আৰ কে ৰ নম্বৰটো হিতাংশুই দিলে। নম্বৰটো ষ্ট’ৰ কৰি কেইবা বাৰ স্ক্ৰীনলৈ আনিলে, ফোন কৰিম বুলি। এবাৰ কলও কৰিলে । কিন্তু ঘপহকৈ কাটি দিলে। সিফালে চাগে ৰিং এটা মান হৈ গ’ল।
তিনি মিনিটমান পাছত তাইৰ স্ক্ৰীণত আৰ কে ৰ নম্বৰ ভাঁহি উঠিল । এপ্ৰিলাই বহুত কষ্ট কৰি ফোনটো ৰিচিভ কৰাৰ পৰা বিৰত থাকিল।
এটা যেন সহানুভূতিৰ হাত বাউলি তাই অনুভৱ কৰিলে।
ক্ৰমশঃ