বালিচৰত বৰষুণৰ বতৰা ১৯

0
175
বালিচৰত বৰষুণৰ বতৰা ৪

বালিচৰত বৰষুণৰ বতৰা ১৯

আনক আন্ধাৰত ৰাখি কাম কৰা সহজ নহয়ঃ
অসম চুক্তি হৈ গ’ল। তাত স্বাক্ষৰ কৰা  নেতাসকলেও ভাল দৰে বুজি পোৱা নাছিল চুক্তিৰ ভিতৰত কি আছিল। 
আন্দোলনৰ আৰম্ভণিতে নাগৰিকত্বৰ ভিত্তি বছৰ আছিল ১৯৫১ চন। কিন্তু চুক্তিৰ সময়ত হ’ল ১৯৭১ চন। প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়েও এসত্তৰ চনৰ প্ৰস্তাৱ দিছিল। তেতিয়া মানি লোৱা হ’লে  অসমৰ ক্ষতি বহুত কম হ’লহেঁতেন। বহুতো কুমলীয়া ল’ৰাৰ মহা মূল্যৱান জীৱন ৰৈ গ’লহেঁতেন। সকলো হৈ শেষ গ’ল।. তাৰ বিপৰীতে, আন্দোলন চলি থকা সময়তে বিদেশীবোৰে অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, ভোটাৰ তালিকাত নাম ভৰ্তি, স্কুলৰ  চাৰ্টিফিকেট, ৰেচন কাৰ্ড, মাটি-বাৰীৰ লেন-দেন আদিৰ জৰিয়তে সিহঁতৰ ভাৰতীয় নাগৰিকত্ব গজগজীয়া কৰি তুলিলে । আন একো নহ’লেও , দুটা ফৈদৰ মাজত মৰা-মৰি কৰি, ক’ৰ্টত কেচ এটা জুৰিও সিহঁত যে সেই সময়ত অসমতে আছে তাক নথিভুক্ত কৰিলে। এইবোৰ কাম কৰি দিছিল কিন্তু আমাৰেই জাতীয়তাবাদী অসমীয়া মানুহকিছুমানে-  ৫০০ ৰ পৰা ২০০০ টকা সিহঁতৰ পৰা লৈ। অতি আচৰিত কাণ্ড ।
কিন্তু আই .এম. ডি. টি .? এইখনে কি কৰিলে?
অসমৰ পৰা যাতে এটাও বিদেশী খেদিব নোৱাৰে তাৰ সকলো ব্যৱস্থা কৰি থ’লে। 
এপ্ৰিলাৰ টোপনি অহা নাছিল। তাই আকৌ  আহি আৰ কেৰ ওচৰত বহিল । তাই  তাত থকা সময়খিনিত প্ৰতিটো ক্ষণ তাৰ সান্নিধ্যত পাৰ কৰিবলৈ ব্যাকুল হৈ পৰিছিল। তাই জানে, সেয়া অন্যায় – খৃষ্টোফাৰ প্ৰতি। কিন্তু তাইৰ সন্মূখত পৰি থকা সুদীৰ্ঘ  জীৱনটোৰ বাকী থকা সময়বোৰ চলাই নিবলৈ এইখিনি অন্যায় কৰিবলৈ তাইক বিবেকে বাধা নিদিলে । খৃষ্টোফাই সমস্ত জীৱন আৰ কেক আৱৰি আছিল, আছে আৰু থাকিব। তাই মাত্ৰ দুটা দিন খৃষ্টোফাৰ পৰা ধাৰলৈ বিচাৰিছে । খৃষ্টোফাই নিদিবনে? খৃষ্টোফাৰ ওচৰত তাই ঋণী হৈ থাকিব জীৱনভৰ।
খৃষ্টোফাৰ ওচৰ তাই আজি কিমান নিস্বঃ।  তাইৰ চকু পানী ওলাই আহিল। আকৌ আৰ কেৰ বুকুত তাই মুৰটো এৰি দিলে। সি কি কৰিব এই মূহুৰ্তত একো ভাবি নাপালে। এজনী নিস্বঃ নাৰীৰ মনোবেদনা সি বুজি পায়। সকলো থাকিয়ো তাই আজি পদপথৰ যাত্ৰী । তাইক সামান্য শান্তনা দিয়া তাৰো কৰ্তব্য। কিন্তু সীমাৰ ভিতৰত থাকিহে সেয়া সম্ভৱ । খৃষ্টোফাই কিমান গভীৰলৈ ভাবিছে, সি নাজানে। তাইৰ প্ৰতি যাতে কোনো ধৰণৰ অন্যায় কৰা নহয়, তাক সি নিশ্চিত কৰিবই লাগিব। 
এনেদৰে কিছুসময় থকাৰ পিছত এপ্ৰিলা প্ৰকৃতিস্থ হ’ল। 
আকৌ তাই কৈ গ’ল বিগত সময়ৰ কথাঃ
বিপ্লৱৰ চৰিত্ৰ আগৰে পৰাই কিছু গোলমলীয়া আছিল। সেই কথা বহুতে জানে। আন্দোলনৰ পৰিপেক্ষিতত ডেকা- গাভৰুৱে মুক্ত মিলা-মিছাৰ অজুহাতত কৰা কিছুমান বেয়া কথা বা কামো সহজ হৈ পৰিছিল । এপ্ৰিলাই ভাবিছিল, তাইৰ নিছিনা পত্নী এজনী পোৱাৰ পিছত সি ঠিক হৈ যাব। কিন্তু ক্ষমতাই তাক আৰু ভয়ংকৰ কৰি তুলিছিল। য’লৈকে সি যায় ত’তেই নাৰীৰ লগত মিলা-মিছা আৰম্ভ কৰি দিয়ে। হোটেলৰ কোঠাতো মিটিঙৰ অজুহাতত অন্য নাৰীৰ দপদপনি। টকা- পইচাৰো কোনো  হিচাপ নাই ।”  ক’ৰ পৰা  আহিছে” , “কেনেকৈ আহিছে” – বুলি সুধিলে, ওলোটাই তাৰ প্ৰশ্ন — “টকা কাক নালাগে?  তুমি উপভোগ কৰা। তাৰ হিচাপ মই কৰিম।”
এনেকুৱা দুই এটা কথাতে এদিন বিপ্লৱৰ অত্যাচাৰৰ সীমা পাৰ হ’ল । তাইৰ গাত তাৰ হাত উঠিল। সি ক্ষমতা পাই অন্ধ হৈ পৰিছিল। 
সেই সময়ৰ বহুবোৰ মন্ত্ৰী প্ৰায়
একেই আছিল ।
তিৰাশীৰ নিৰ্বাচনৰ সময়ত ছাত্ৰসকলে দুটা নিৰ্দিষ্ট দলৰ ইলেকচনৰ প্ৰাৰ্থীক ঘেৰাও কৰি ঘৰত আবদ্ধ কৰি ৰাখিছিল। বৰপেটাৰ এগৰাকী মহিলা প্ৰাৰ্থী, আবিদা আহমেদে পুলিচৰ পোছাক পৰিধান কৰি পুলিচৰ গাড়ীত উঠি মনোনয়ন দাখিল কৰিবলৈ ওলাই আহিছিল। সেই খবৰটো পাই ছাত্ৰসকলে পিছে পিছে দৌৰিছিল। ডি. জি. পি. কৰ্ণপাল সিঙ গিলৰ নিৰ্দ্দেশত পুলিচে ভৱানীপুৰত ফুল কুমলীয়া ল’ৰা খৰ্গেশ্বৰ তালুকদাৰক কোবাই কোবাই হত্যা কৰিছিল। পৰৱৰ্তী সময়ত কিন্তু বিপ্লৱৰ দৰে নেতাকেইজন বা জাতীয় চৰকাৰৰ ব্যৱস্থাটোৱে খৰ্গেশ্বৰ তালুকদাৰৰ মাক-দেউতাকৰ যন্ত্ৰণাৰ খবৰ ল’বলৈ সময় উলিয়াব পৰা নাছিল। এক কথাত- পাহৰি পেলাইছিল সকলো । পিপলিবাৰীত বীৰেন দাস চি. আৰ.পি.ৰ গুলীত নিহত হৈছিল । তেওঁৰ পৰিয়ালৰ খবৰো কোনেও কৰা নাছিল। 
বিপ্লৱৰ বাবে আৰ কে প্ৰত্যাহ্বান হৈ পৰিছিল। তাক শেষ কৰাৰ বাবেও বিপ্লৱে  চেষ্টা কৰিছিল । সেই কথা এপ্ৰিলাই বহুত পিছতহে জানিছিল। 
তেনেকুৱা সময়তে আৰ কে অদৃশ্য হৈছিল। 
সচাঁ কথা ক’বলৈ গ’লে- এপ্ৰিলাই এসময়ত তাক দুৰ্বল মনৰ মানুহ বুলি ভাবিছিল। কোনো ৰোমাণ্টিকতা নাই। এপ্ৰিলাৰ নিছিনা গাভৰু এজনী ওচৰত নিবিড় ভাৱে পায়ো প্ৰেম কৰিব পৰা সাহস নাছিল তাৰ । জীয়া গাভৰু দেহটো সাৱটি ধৰাৰ ইচ্ছা নাছিল। তাৰ পুৰুষত্বত তাইৰ সন্দেহ উপজিছিল। তাই ভাল পায়ো তাৰ পৰা আঁতৰি থাকিব খুজিছিল। তাৰ বিপৰীতে বিপ্লৱ আছিল অফুৰন্ত জীৱন-স্পন্দনৰ ভঁড়াল । ফল স্বৰূপে তাই বিপ্লৱৰ কাষ চাপি যাবলৈ হেতু বিচাৰি পাইছিল । কিন্তু তাৰ পৰিণাম তাই আজি ভূগিছে । 
” আপুনি মোক ক্ষমা কৰক । মই আপোনাক কাহানিয়ো বুজি নাপালোঁ। আপোনাৰ প্ৰতি কৰা অন্যায়ৰ প্ৰায়চিত্ত কৰিবলৈ আজি মই সকলো ত্যাগ কৰি গুচি আহিলোঁ । মই জানোঁ, এতিয়া আৰু  একো বাকী থকা নাই। কিন্তু কথাটোৱে মোক পাৰ হৈ যোৱা সময়বোৰত খুলি খুলি খাই শেষ কৰি পেলালে। আজি মই ইয়ালৈ আহিছোঁ একমাত্ৰ আপোনাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা লৈ।”– এপ্ৰিলাই আকৌ চকুপানী টুকিলে। 
“তোমাৰ কোনো দোষ নাই। সেয়া সময়ৰ দাবী আছিল।”
আৰ কে তাইক বুজাবলৈ আৰম্ভ কৰিলে,–” সেই সময়ত আমাৰ সমাজখন আবেগত উথলি উঠিছিল। কোনো ৰাজনৈতিক নেতাই ভাবিব বা কৰিব নোৱাৰা কাম এটা ছাত্ৰসকলে কৰি দেখুৱালে। তাকে লৈ তেওঁলোক সন্তুষ্ট হৈ পৰিল। ৰাইজৰ আস্থা আছিল – এই ডেকা শক্তি বিশ্ব বিজয়ী ৰূপত প্ৰৌজ্জ্বল হ’ব। দেশ মাতৃকাৰ মুখ উজ্জ্বল কৰি তুলিব। কিন্তু নহ’ল। অভিজ্ঞতা আৰু দূৰদৰ্শিতাৰ  অভাৱে ডেকা শক্তিক স্থবিৰ কৰি পেলালে।
শেষ দৃশ্যপটত মূল সমস্যাটো- সমস্যা হৈয়েই থাকিল।
তাৰ মাজতে কেইজনমানে আন্দোলনটো চলাই নিয়াৰ সিদ্ধান্ত ল’লে। কিন্তু সশস্ত্ৰ ৰূপত। এদিন তাতো কিন্তু ভাঙোন আহিল। সংগঠনটো নিষিদ্ধ ঘোষিত হ’ল। অপাৰেচন  বজৰং, ৰাইনো, ইউনিফাইড কমাণ্ড আদি কেইবাটাও সেনাৰ অভিযানে সংগঠনটো চেদেলি- ভেদেলি কৰিলে।তেতিয়াৰ মূখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই দুই লাখ টকাৰ প্ৰলোভনেৰে বহুত ল’ৰাক  মূল সুঁতিলৈ ঘূৰাই আনিলে। তাৰ পিছতো কিছুসংখ্যক শীৰ্ষনেতা ঘূৰি আহিল- মূল সূঁতিত মিলিবলৈয়েই হওক বা সশস্ত্ৰ আন্দোলনৰ অনিৰ্দিষ্ট ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই হওক। সেই দিশেৰেও পৰিস্থিতিৰ পৰিবৰ্তন নহল। এতিয়া কথা হ’ল, প্ৰত্যেকেই নিজৰ নিজৰ কামখিনি যদি সৎ আৰু নিষ্ঠাৰে কৰি যায়, মই ভাবোঁ, পৰিবৰ্তন নিজেই আহিব। তুমি জানা, মই কিছুমান কথাত বিৰোধিতা কৰিছিলোঁ। এতিয়াও কৰোঁ। মই আবেগেৰে নহয়, বিবেকেৰে চিন্তা কৰিছিলোঁ । এতিয়া তুমি নিশ্চয় বুজিব পাৰিছা -সিদিনা মই কিয় কৈছিলোঁ – তুমি সুখী হ’ব নোৱাৰিবা বুলি। মোৰ কোনো আক্ষেপ নাছিল আৰু এতিয়াও নাই। কিন্তু দুখ এই বাবেই লাগিছিল যে, তুমি প্ৰতাৰিত হ’বলৈ গৈ আছিলা । সেইটো মই সহ্য কৰিব পৰা নাছিলোঁ। আৰু মোৰ হাতত তেতিয়া কোনো বিকল্প নাছিল । দেশে আকৌ এবাৰ মোক হাত বাউল দিছিল। কিন্তু আকাঙ্ক্ষা আৰু লক্ষ্য পূৰণ কৰিব নোৱাৰিলে তাৰ পৰা আঁতৰি  দিয়াই যুক্তি সংগত । সেয়েহে মই উভতি আহিলোঁ । 
আজি আকৌ তোমাৰ মুখামুখী। তুমি মোৰ ওচৰত কি বিচাৰি আহিছা নাজানোঁ। কিন্তু ক্ষমাৰ কোনো যুক্তি নাই। তাৰ বিপৰীতে মইহে তোমাৰ ওচৰত ক্ষমা প্ৰাৰ্থী। কাৰণ — সেই সময়ত মই তোমাৰ আকাঙ্ক্ষা পূৰণ কৰাত ব্যৰ্থ হৈছিলোঁ । তোমাক মই আজীৱন সংগ দিবলৈ বা এজন প্ৰবঞ্চকৰ হাতৰ পৰা তোমাক উদ্ধাৰ কৰিবলৈ অপাৰগতা প্ৰদৰ্শণ কৰিছিলোঁ । যাৰ বাবে পৰোক্ষভাৱে তুমি আজি নিস্বঃ হৈ পৰিলা। মই ক্ষমা প্ৰাৰ্থী এই বাবেই যে, আজিয়ো মই তোমাক বুকুত সাৱটি লৈ শান্তনা দিবলৈ সক্ষম নহয়। কাৰণ, তোমাৰ মনৰ শান্তি, কাৰোবাৰ অশান্তিৰ কাৰণ হ’ব পাৰে। তোমাৰ মনোবেদনা লাঘৱ কৰিবলৈ যাওঁতে কাৰোবাৰ ওপৰত বেদনাৰ পাহাৰ খঁহাই দিয়া হ’ব পাৰে। 
আনক আন্ধাৰত ৰাখি কাম কৰা সহজ নহয়। খৃষ্টোফাক মই আন্ধাৰত ৰাখিব নোৱাৰো।”- কথাখিনি কৈ আৰ কে  ৰ’ল।
ইতিমধ্যে বাহিৰত পোহৰ হৈছিল ।
(আৰ কে বেজবৰুৱা) 

LEAVE A REPLY

Please enter your comment!
Please enter your name here