বালিচৰত বৰষুণৰ বতৰা ১৬

0
89
বালিচৰত বৰষুণৰ বতৰা ৪

 

বালিচৰত বৰষুণৰ বতৰা ১৬

হেৰাই যোৱা সময়ৰ ৰং উৱলি যায় নেকি?

এৰি থৈ অহা অতীতে আকৌ এবাৰ আৰ কে ক বিব্ৰত কৰি তুলিলে। এপ্ৰিলাৰ আগমনৰ অৰ্থ সি বিচাৰি নাপালে। অসফল চৰকাৰৰ প্ৰতিপত্তিশালী কেবিনেট মন্ত্ৰী এজনৰ পত্নী, এসময়ৰ ছাত্ৰ আন্দোলনটোৰ আগশাৰীৰ নেতৃ এপ্ৰিলাৰ এই বিধ্বস্ত ৰূপৰ অন্তৰালত কি থাকিব পাৰে, সেয়াও তাৰ অনুমানৰ বাহিৰত। অসম এৰি যোৱাৰ পিছত বা নিষিদ্ধ সংগঠনৰ পৰা আঁতৰি আহিয়ো সি এপ্ৰিলাৰ খবৰ লোৱা নাছিল। অকল এপ্ৰিলাৰেই নহয়, তাৰ অতীতৰ লগত সম্বন্ধ থকা কাৰো খবৰেই সি লোৱা নাছিল।
এপ্ৰিলাৰ প্ৰথমটো আচৰণ প্ৰদৰ্শণৰ পিছত সি খৃষ্টোফাৰ ওচৰতো সহজ হোৱাৰ পথ উলিয়াব পৰা নাই। এপ্ৰিলাৰ বিষয়ে বহু কথাই খৃষ্টোফাই তাৰ পৰা জানিছে। কিন্তু তাইক এই পৰিস্থিতিত দেখি মনত কি ধাৰণা কৰিব, তাকেইহে সি ভাবি পোৱা নাই। কিবা ডাঙৰ কাৰণ নিশ্চয় আছে ।
ইতিমধ্যে এপ্ৰিলাই মুখ হাত ধুই সহজ ভাবেই আহি বহিল। খৃষ্টোফাই চাহ দুকাপ আনি দুয়োৰে মাজত ৰাখিলে। তায়ো ওচৰত বহিলে।
” এয়া এসময়ৰ অসম আন্দোলনৰ বিখ্যাত ছাত্ৰ-নেতৃ- এপ্ৰিলা, বৰ্তমানৰ এজন কেবিনেট মন্ত্ৰীৰ সহধৰ্মিনী । তুমি জানা, কিন্তু ওচৰৰ পৰা দেখা নাছিলা। আমাৰ সৌভাগ্য যে তেখেত আজি আমাৰ আলহী।”– পৰিস্থিতিটো সহজ কৰিবলৈ আৰ কে খৃষ্টোফাৰ উদ্দেশ্যে কথাখিনি ক’লে। কিন্তু এই সময়ত তাৰ কথাখিনি নিমখ নোহোৱা দাইলৰ সোৱাদ যেন হে লাগিল।
“আমি চিনাকি হলোঁৱেই। “– খৃষ্টোফাই সামান্য হাঁহি ক’লে। এপ্ৰিলায়ো মুখত হাঁহি এটা ফুটাবলৈ চেষ্টা কৰি মুৰ জোকাৰিলে।
চাহকাপ মনে মনে খাই উঠি সি এপ্ৰিলাক কলে- “বাইদেউ! আপুনি বহক ,অলপ জিৰাই লওক। আহোঁতে বহুত কষ্ট হৈছে আপোনাৰ। ইমানগাল চিকিউৰিটি, দ্ৰাইভাৰ থকাৰ পিছতো আপুনি অকলে, তাতে নিজেই ইমান দূৰ ৰাস্তা দ্ৰাইভ কৰি আহিছে ; কি বা কাৰণত? “
অগত্যা সি ভালকৈ উশাহ এটা ল’বলৈ অলপ ওলাই আহিল। সি একো ভাবি পোৱা নাই এপ্ৰিলা এই দৰে অকলে অহাৰ উদ্দেশ্য কি।
কিছুসময় বাহিৰত কটাই সি ঘূৰি আহিল । মনটো কিছু স্থিৰ হ’ল। সি যিকোনো প্ৰকাৰে জানিবই লাগিব তাইৰ উদ্দেশ্য কি।
খৃষ্টোফাই ভাত বাঢ়িছিল। এপ্ৰিলাই অকলে খাব নুবুজিলে। অগত্যা তিনিয়ো একেলগে খাবলৈ বহিল।
“মই ইয়াত কেইদিনমান থাকিম। আপুনি একো ফৰ্মেলিটি নকৰিব। মই কোনো ভি আই পি নহয়। আগৰ দিনবোৰৰ কথা মনত পেলাওঁক। সেই সম্বোধন কৰিলেই ভাল।
বহুত দিন মই আপোনাক পাগলৰ দৰে বিচাৰিছোঁ । কিন্তু কোনোৱেই মোক আপোনাৰ খবৰ নিদিলে। আপুনি ক’ত আছে কোনোৱেই নাজানে। সিদিনা হিতক বালিপাৰাত পাইছিলোঁ । তাৰ মুখত আপোনাৰ নামটো শুনিয়েই মই উদ্বাউল হৈছিলোঁ, আপোনাক লগ পাবলৈ। কিন্তু কিছুমান বাধাৰ বাবেই মোৰ ভিতৰৰ উন্মাদনা হেচি ৰাখিব লগীয়া হৈছিল। তাৰ বাবেই আৰু কেইদিনমান পলম হ’ল ইয়ালৈ অহাত।”- ভাত খাই থাকোঁতে এপ্ৰিলাই লাহে লাহে ক’লে। সি ভিতৰি ঘামিবলৈ ধৰিলে।
তাৰ জীৱনৰ মোহময় সময়বোৰতেই সি এপ্ৰিলাক পাইছিল। তাই তাক আদৰ্শ পুৰুষ বুলি ভাবিছিল। এনে নহয় যে সি তাইক ভাল পোৱা নাছিল। সেই সময়ত ডেকা-গাভৰুৰ মুক্ত মিলা-মিছাত এটা ডাঙৰ পৰিৱৰ্তন হৈছিল। সি বিচৰা নাছিল এই পৰিবৰ্তনৰ বাবে তেতিয়াৰ নেতাসকলক কোনোবাই দোষাৰোপ কৰক। সিহঁত সেই বাবেই সাৱধান হোৱা উচিত আছিল। আনহাতে এইবোৰ সিহঁতৰ লক্ষ্যৰ পৰিপন্থী আছিল। বহুতেই এই কথাবোৰ অনুধাৱন কৰিব নোৱাৰিলে। এপ্ৰিলাও বিফল হৈছিল। তাই তাক বুজিব পৰা নাছিল । সি তাৰ লক্ষ্যৰ পৰা ফালৰি কাটি কোনো ব্যক্তিগত আকাঙ্ক্ষাৰ কথা ভাবিব নোৱাৰে। সেই সময়ত সিহঁতবোৰ প্ৰত্যেকেই একোটা অনুষ্ঠান হৈ পৰিছিল। এজন নেতাৰ একোটা সাধাৰণ ভুল সংগঠনৰ চৰিত্ৰৰ নৈতিকতাৰ সৈতে সংপৃক্ত হৈ পৰিব পাৰে। তেতিয়া আৰু ভৱিষ্যতে তাক ক্ষমা নকৰিব। এয়া অৱশ্যে তাৰ নিজস্ব যুক্তি ।
আচলতে তাই তাক বহুত ভাল পাইছিল। সি জানে। কিন্তু লক্ষ্যত উপনীত হ’বলৈ হ’লে সংযম অতি দৰকাৰী। এইক্ষেত্ৰত সি অচল-অটল। সেই বাবেই তাইক সি উপেক্ষা কৰা বুলি ধৰি লৈছিল। বহুত সময়ত সি নেতৃত্বৰ সিদ্ধান্ততো প্ৰশ্ন তুলিছিল। এপ্ৰিলাই এইবোৰতো কোনো যুক্তি বিচাৰি পোৱা নাছিল।
আন্দোলনৰ শেষ পৰিণতিত সি নিৰাশ হ’ল।সেই কাৰণেই সি অন্য ৰাস্তাত ভৰি দিলে । ইমান সময়ে এপ্ৰিলা তাৰ অস্তিত্বৰ পৰা অপসৃয়মান বেলিৰ দৰে হেৰাই যাবলৈ ওলাইছিল ……
” কি ভাবি আছে, ভাত খাওক। মই আপোনাৰ কোনো ক্ষতিৰ কাৰণ নহওঁ । চিন্তা নকৰিব। “— এপ্ৰিলাৰ মাতত সি থত-মত খাই সোপা-সোপে ভাতকেইটা গিলি পেলালে।
লাহে লাহে সন্ধিয়া নামিল। তাৰ পৰা যোৱাৰ কোনো কথা এপ্ৰিলাই নুলিয়ালে। অৱশ্যে তাই আগতেই কেইদিনমান থকাৰ কথা কৈছিল। তাৰ পিছত আন্ধাৰো হ’ল। সি প্ৰমাদ গণিলে। লাহে লাহে পৃথিৱী সুষুপ্তিৰ কোলাত ঢলি পৰিল। কিন্তু এখন ছালৰ তলত তিনিজন মানুহৰ চকুবোৰত টোপনিয়ে মায়াজাল তৰাত সিদিনা ব্যৰ্থ হ’ল। সেই মানুহ কেইজন হ’ল- আৰ কে, এপ্ৰিলা আৰু খৃষ্টোফা । নিজৰ নিজৰ চিন্তা প্ৰত্যেকেই নিজৰ নিজৰ ধৰণে ভাবি ৰাতি পুৱোৱাই দিলে।

আকৌ এটা ব্ৰহ্মমূহৰ্তত আৰ কে – এপ্ৰিলা মুখামুখী হ’ল।
এপ্ৰিলাই বহুতো নিদ্ৰাবিহীন ৰজনী অতিবাহিত কৰিছে। আজি-কালি তাইৰ বাবে বিনিদ্ৰ ৰজনী কেৱল উদযাপনৰ হে আহিলা। তাই ভাবিছিল, সেই ৰাতিত তাইৰ টোপনি হ’ব। কিন্তু ইমান দিনে লালন পালন কৰা অভ্যাসটোৱে ইমান সোনকালে এৰি দিব জানো?
পুৱাৰ ব্ৰহ্ম মূহুৰ্ততে তাই বাহিৰত পাক এটা মাৰিলে। চাৰিওফালে চাহবাগিছাৰ মনোমুগ্ধকৰ পৰিবেশ । মলয়াৰ পৰশত কেচাঁ পাতত কঁপনি উঠিছিল। তাই ৰ’ লাগি চাই থাকিল বহু পৰ সেই সেউজীয়াৰ আভৰণ।
ইফালে বিচনাত বাগৰি বাগৰি আৰ কে ৰো আমনি লাগিল। সিয়ো আগফালে ওলাই আহিল। আহিয়েই বাহিৰত এপ্ৰিলাক থিয়হৈ থকা দেখা পালে। লাহে লাহে সি আগবাঢ়ি গ’ল। চেন্দেলৰ শব্দত এপ্ৰিলাই ঘূৰি চালে। এইবাৰ দুয়ো আকৌ মুখামুখী হ’ল। জীৱনত আকৌ এবাৰ সি এপ্ৰিলাৰ মুখামুখী এইদৰে যে হ’ব লাগিব কাহানিয়ো ভবা নাছিল ; তাতেই তাৰ নিজৰ ঘৰত! ইমান দিনে লৌহ মনৰ বুলি নিজকে ভাবি থকা আৰ কে যেন বিচলিত হৈ পৰিল। ক’ৰ পৰা, কি হ’ল? এতিয়াও সি নাজানে, এপ্ৰিলাৰ ভিতৰত কি চলিছে। তাইৰ ব্যক্তিগত কথা সি কেতিয়াও জানিব নোখোঁজে । তথাপিয়ো তাইৰ উদ্দেশ্য জনাটো জৰুৰী।
এপ্ৰিলায়ো ভবা নাছিল, তাই আৰ কে ক বিচাৰি আহি এদিন এই পৰিবেশত লগ পোৱা সম্ভৱ হ’ব বুলি। তাইৰ মানসিক অৱস্থাই তাইক চূৰ্ণ বিচূৰ্ণ কৰি পেলাইছে। তাই বিহ্বল হৈ পৰিল। ইমান দিনে বুকুত ভাৰ বান্ধি লৈ ফুৰা দুখৰ নদীখন পাৰ ভাঙি বৈ গ’ল। তাই নিজকে সংযত কৰিব নোৱাৰিলে। প্ৰৱল আবেগত তাই আৰ কে ক সাৱটি ধৰি হুক হুকাই কান্দি উঠিল। আৰ কে নিচ্চল হৈ তাইক বুকুত লৈ থিয় হৈ থাকিল ।

সকলোৰে এটা অন্ত থাকে। এসময়ত এপ্ৰিলাৰ আবেগ শান্ত হ’ল। তেনেদৰে আৰ কে ক সাৱটি ধৰি তাই লাজ নাপালে। বৰঞ্চ এক নিৰাপত্তাৰ আভাস হে উপলব্ধি কৰিলে তাৰ বুকুত সোমাই ।
তেতিয়া বাহিৰত ভালদৰে পোহৰ হৈছিল ।
এষাৰো কথা নপতাকৈ এসময়ত দুয়ো ভিতৰলৈ সোমাই গ’ল।

হেৰাই যোৱা সময়ৰ ৰঙ কেতিয়াবা উৱলি যায় নেকি? –
আৰ কে ভাবিলে ।

ক্ৰমশঃ

(আৰ কে বেজবৰুৱা )

LEAVE A REPLY

Please enter your comment!
Please enter your name here