বালিচৰত বৰষুণৰ বতৰা ১৫

0
188
বালিচৰত বৰষুণৰ বতৰা ৪

 

বালিচৰত বৰষুণৰ বতৰা ১৫

প্ৰেমৰ ৰূপতেই থাকে যন্ত্ৰণাৰ মৌন ৰোদনঃ

পিকনিকলৈ যাওঁতে এপ্ৰিলাই বালিপাৰাত হিতাংশুক
লগ পোৱাটো এটা সাধাৰণ কথা হৈ থকা নাছিল। কোনোবা ভৱিষ্যতত হিতাংশুৱে তাইৰ জীৱনৰ গতিপথ সলাই দিয়াৰ কৃতিত্ব এদিন হয়তো দাবী কৰিব পাৰিব।
হিতাংশুৰ মুখত আৰ কে ৰ নাম শুনি এপ্ৰিলা চক্ খাই উঠিছিল । মাতটো তাইৰ অস্বাভাৱিক হৈ ওলাইছিল। কিন্তু হিতে সেয়া ধৰব নোৱাৰিলে। তাইৰ এনে লাগিছিল যেন হিতক গাড়ীত বহুৱাই এতিয়াই আৰ কে ৰ ওচৰলৈ ধুমুহা গতিৰে উৰি যাব। কিন্তু সেয়া সম্ভৱ নাছিল। তাই সকলো সংগোপনে সামৰি থৈ মাত্ৰ হিতৰ আৰু আৰ কে ৰ মোবাইল নম্বৰ দুটা খুজি লৈছিল।
গুৱাহাটীলৈ ঘূৰি আহি তাই হিতাংশুৰ লগত কথা পাতি এসময়ত সিহঁতৰ লগত কাম কৰা ল’ৰাবোৰৰ কোন ক’ত আছে খবৰ লৈছিল। সিহঁতে কি কৰি আছে তাকো সুধিছিল। সকলোবোৰৰে মোবাইল নম্বৰ হিতৰ ওচৰত নাছিল। যি কেইটা আছিল, এপ্ৰিলাই ন’ট বুকত লিখি লৈছিল, যাতে মোবাইলত হেৰালেও পিছলৈ একো অসুবিধা নহয়। যেনে-তেনে বাকীবোৰৰ নম্বৰো সংগ্ৰহ কৰি দিবলৈ হিতক তাই অনুৰোধ কৰিছিল। হিতে কথা ৰাখিছিল। প্ৰবীণ, হেমন্ত, নলিনী, প্ৰিয়ব্ৰত, ইকবাল, সনাতন, ৰক্তিম, প্ৰৱাল, হৈমন্তী, ৰ’কী, পৰেশ, বিজু, ভৱ, তৰুণ আদি সকলোৰে নম্বৰ সি যোগাৰ কৰি দিছিল তাইক । তাই সকলোৰে খবৰ লৈছিল, বৰ্তমান কোনে কি কৰি আছে তাকো সুধিছিল। এইসকলৰ কিন্তু কাৰো একো স্থায়ী সংস্থাপন নাই। কাৰণ ইহঁতৰ চাকৰিৰ প্ৰতি থকা মোহতকৈ দেশৰ প্ৰতি মোহ বেছি আছিল। এতিয়াও আছে। সিহঁতে প্ৰচাৰ আৰু স্বাৰ্থতকৈ কামত বেছি গুৰুত্ব দিছিল। সিহঁতৰ লগৰ নেতাসকল জননেতা হ’ল আৰু ইহঁতবোৰ “বেকাৰ” নামৰ এটা স্থায়ী শ্ৰেণীত পৰিণত হ’ল। সুবিধা ল’ব জনাসকলে যি কোনো পৰিস্থিতিতে সুবিধা কৰি লয়। ইহঁতৰ নিচিনাবোৰ ৰৈ যায়। সকলোতে ইহঁত ৰৈ যোৱাৰ দুটা ডাঙৰ অসুবিধা- লাজ আৰু নিষ্ঠা। সিহঁতে ক’তো সৰু হ’ব নোৱাৰে, দূৰ্নীতিৰ লগত সহযোগ কৰিব নোৱাৰে আৰু আগতে হৈ হেতা-ওপৰা লগোৱাৰো সাহস নাই সিহঁতৰ।
এপ্ৰিলাৰো সেই একেই কথা। দেশ আৰু জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে প্ৰাণটো আগবঢ়াই দিয়া অদম্য সাহসী জাতীয় বীৰ এজনক তাই ভাল পালে। তেওঁৰ লগত লাগি-ভাগি একে লগে দেশৰ কামত নিয়োজিত হ’ব বুলি বিয়াও পাতিলে। নিজৰ স্বামীয়েই যেতিয়া কেবিনেট মন্ত্ৰী, তাই সাধাৰণ চাকৰি এটা কৰাৰ প্ৰয়োজন থাকে জানোঁ? তাই সাধাৰণ চাকৰি এটা কৰিবলৈ যোৱা মানে তাইৰ মন্ত্ৰী গিৰিয়েকৰ সন্মান লাঘৱ হোৱাৰ ভয়। গতিকে তাই সেই চিন্তা কোনো দিনে নকৰিলে। কিন্তু আজি তাই গিৰিয়েকৰ পৰা যিখিনি পালে, তাক প্ৰাপ্য বুলি ধৰিলে প্ৰতাৰণাৰ সংজ্ঞা হয়তো বিচাৰি পোৱা টান হ’ব। ।
বিপ্লৱৰ লগত বিয়া হৈ তাই খুব সুখী অনুভৱ কৰিছিল। সি যলৈকে যায়, লগতে তাইকো লৈ যায় । চৰকাৰী ভ্ৰমণত গ’লে তায়ো তেওঁৰ লগতে সংগী হয়। তাইৰ কিবা কিনিব লগা থাকিলে নিজে বজাৰলৈ যাবই নালাগে। তাইক যি লাগে সকলো লগে লগে তাইৰ সন্মুখত হাজিৰ হয় ।
এসময়ত তাইৰ সাহিত্য চৰ্চা কৰাৰ সুনাম আছিল। আন্দোলনৰ সময়ত ” বিশ্ববিজয়ী নৱ জোৱান , লুইতৰ পাৰৰে আমি ডেকা ল’ৰা মৰিবলৈ ভয় নাই ” আদি সুন্দৰ কণ্ঠেৰে গাইছিল। বিয়াৰ পিছতো মানুহবোৰৰ মাজত তাইক বিচাৰিছিল । কিন্তু বিপ্লৱে সেইবোৰৰ প্ৰতি কোনো ভাল ভাৱ দেখুৱাব পৰা নাছিল। সি কৈছিল – “এইবোৰৰ কোনো অৰ্থ নাই।”
তাৰ ফালে তাই আচৰিত হৈ চালে কয় -“be practical “.
বিপ্লৱৰ লগত একান্ত ব্যক্তিগত সময়খিনিতো তাই লাহে লাহে অসুখী হ’বলৈ ধৰিছিল। বিপ্লৱ কৰবালৈ গৈ ঘূৰি অহা সময়ৰ কোনো “বাৰ” নাছিল । ৰাতি যিকোনো সময়তে আহি সি নিজৰ শৰীৰৰ দাবী পূৰণ কৰিবলৈ বিচাৰে আৰু নিজৰ পৰিতৃপ্তি হ’লেই এটা নিৰ্জীৱ শৰীৰত পৰিণত হৈ টোপনিত লালকাল দিয়ে। তাইৰ কথা পাহৰি য়ায় ।
তাই বহুত ভাল পাইছিল বাবেই সকলো স্বীকাৰ কৰি গৈছে। কিন্তু কিমান দিন? তাইৰ প্ৰেমৰ ৰূপতেই সৃষ্টি হোৱা যন্ত্ৰণাৰ মৌন সমদল এটা ধীৰে ধীৰে আগবাঢ়িবলৈ ধৰিলে।
তাই যন্ত্ৰণাৰ সমদলতো চামিল হ’ব নোৱাৰে। যি সম্বন্ধত কোনো ভিত্তি নাই, সেই সম্বন্ধ তাই চিঙি পেলাবলৈ দৃঢ়সংকল্প হৈ পৰিল।

নিৰ্দিষ্ট ঠাইত চহীকৰা কাগজখন এডভোকেট নিত্যানন্দৰ হাতত দি নিৰ্দিষ্ট ঠাইত প্লেচ কৰিবলৈ কৈ তাই তেওঁক বিদায় দিলে।
এইবাৰ গেৰেজৰ পৰা গাড়ী উলিয়াই এপ্ৰিলাই ৰঙাপৰা অভিমূখে দ্ৰুত গতিত গাড়ী এৰি দিলে । পিছলৈ আৰু ঘূৰি চোৱাৰ প্ৰয়োজনবোধ নকৰিলে তাই।

****************

দামী গাড়ী এখন কোৱাৰ্টাৰৰ সন্মুখত দেখি আৰ কে অলপ আচৰিত হ’ল। ইমান দামী গাড়ী তাৰ ঘৰলৈ আগতে অহা নাই, আৰু আহিব লগীয়াও আছে বুলি তাৰ মনত নপৰিল। তাৰ আশ্চৰ্য্যৰ সাম নাকাটোতেই গাড়ীখনৰ পৰা এজনী সাধাৰণ সাজ পাৰ পৰিচিতা মহিলা নামি অহা দেখি সি ভালকৈয়ে চালে। সি পাহৰিব নোৱাৰা ছবি এখন তাৰ সন্মুখত দেখি কিছু পৰিমাণে হতভম্ব হৈ পৰিল। ইতিমধ্যে খৃষ্টোফাও ওলাই আহিল। কিছুসময়ৰ বাবে আটাইবোৰ বোবা হৈ ইজনে সিজনক চাই থাকিল। কিন্তু বেছি সময় নহয়। আশ্চৰ্য্যৰ সময় পাৰ হোৱাৰ পিছতেই এপ্ৰিলাক ভিতৰলৈ লৈ গ’ল।
“বহা” বুলি কোৱাৰ লগে লগে এপ্ৰিলাই আৰ কে ৰ ভৰি দুখন সাৱটি ধৰি হুক হুকাই কান্দি পেলালে। কোনোৱে একো নুবুজিলে।
অলপ পিছত এপ্ৰিলা কিছু সুস্থিৰ হ’ল। আৰ কে তাইৰ হাতৰ পৰা ভৰিদুখন মুক্ত কৰি তাইক ডাঙি বহুৱাই দিলে। খৃষ্টোফাই তাইক ভিতৰলৈ নি বাথৰুমত থৈ আহিল।
খৃষ্টোফাৰ সন্মুখত আৰ কে অসহায় অৱস্থাত পৰিল।
অতীতৰ পৰা পলাই ফুৰাৰ পিছতো পুনৰ সেই অতীত আহি তাৰ বৰ্তমানৰ সন্মূখত হিমালয়ৰ দৰে আজি দন্দ্বায়মান । ভিতৰে ভিতৰে সি বৰ অস্থিৰ হৈ পৰিল ।
প্ৰেমৰ ৰূপেৰে এপ্ৰিলাই আকৌ তাৰ জীৱনত যন্ত্ৰণাৰ মৌন ৰোদন তুলিবলৈ আহিল নেকি?-
আৰ কে ভাবিলে ।

ক্ৰমশঃ

(আৰ কে বেজবৰুৱা )

LEAVE A REPLY

Please enter your comment!
Please enter your name here