বালিচৰত বৰষুণৰ বতৰা ১২

0
144
বালিচৰত বৰষুণৰ বতৰা ৪

 

বালিচৰত বৰষুণৰ বতৰা ১২

মানুহেই অন্তৰায় মানুহৰ জয়যাত্ৰাৰঃ

এপ্ৰিলাই এসময়ত বহুত জনপ্ৰিয়তা লাভ কৰিছিল। এসময়ৰ কথা ক’ব নজনা গাওঁৰ ছোৱালী এজনীয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত ভাষণেৰে গাৰ তেজ গৰম কৰি দিব পৰা হৈছিল । সংগঠনৰ কাম অতি নিয়াৰিকৈ পালন কৰিব পৰা হৈছিল। কেন্দ্ৰীয় নেতৃত্বই তাইক ভৰষা কৰিছিল।
তাই এইবোৰ আহৰণ কৰাৰ অন্তৰালত কিন্তু অন্য এজনহে আছিল। তেওঁ আৰ কে । সংগঠনৰ উদ্দেশ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ , নিষ্ঠা প্ৰকট কৰিবলৈ আৰু যিকোনো মৃল্যৰে সংগঠন চলাই যাবলৈ তাই আৰ কে ৰ পৰা শিকিছিল। সেই বাবেই আৰ কে ৰ প্ৰতি তাইৰ বুকুত সূক্ষ্ম অনুভূতি এটাৰো সৃষ্টি হৈছিল। ছাত্ৰ সন্থাৰ কৰ্মসূচীত প্ৰাথমিক পৰ্য্যায়ৰ পৰা কেন্দ্ৰীয় পৰ্য্যায়লৈকে বহুত বাৰ সিহঁত দুয়ো একেলগে কাম কৰিবলৈ সুবিধা পাইছে। অন্তৰঙ্গ হোৱাৰো বহুত সুবিধা সিহঁতে পাইছিল। কিন্তু আৰ কে কোনো পধ্যেই কোনো ক্ষেত্ৰতেই সীমা উলংঘা কৰা নাছিল। তাই এনে এক সাংঘাটিক ব্যক্তিৰ লগত কাম কৰি আত্মতৃপ্তি, নিৰাপত্তা আৰু নিজৰ মৰ্যদা লাভ কৰিছিল। এনেকুৱা মানুহ এজনক জীৱন সংগী কৰি ৰাখিব পাৰিলে তাই অত্যন্ত সুখী হ’লহেঁতেন। কিন্তু তেনেকৈ ভাবিবলৈয়ো তাইৰ সাহস নহ’ল তেতিয়া।
আৰ কেৰ লগত যেতিয়া তাই অসমৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰে, সদায়েই তাই আশা কৰে– এইবাৰ আৰ কে তাইক কিবা ক’ব । অন্ততঃ অসতৰ্ক মূহুৰ্তত তাইক সাৱটি ধৰিব । কিন্তু একোৱেই নহয় । আনকি এটা প্ৰেমৰ গল্পও সি নকয়। এবাৰ নাইট চুপাৰত তিনিচুকীয়ালৈ যাওঁতে এপ্ৰিলাই ইচ্ছা কৰিয়েই টোপনিৰ ভাও জুৰি তাৰ বুকুত শুই গৈছিল। গোটেই ৰাতি তাইৰ মুৰটো আলফুলে কান্ধত ৰাখি সি উজাগৰে কটাইছিল। কিন্তু তাইৰ শৰীৰত এবাৰো তাৰ হাতৰ বহু আকাঙ্ক্ষিত স্পৰ্শানুভূতি পোৱা নাছিল। পিছত তাইৰ অনুশোচনা হৈছিল। তাই হয়তো মনে মনে বিচাৰিছিল সি তাইক স্পৰ্শ কৰক । এবাৰ নিৰ্জনতাত সাৱটি ধৰক। তাইক “ভাল পাওঁ” বুলি কওক। বহুত সময়ত তাৰ ওপৰত তাইৰ এক বুজাব নোৱাৰা সীমাহীন খঙ উঠে । কিয় সি একো নকয়? কিয় সি তাইক একো নকৰে?
প্ৰাপ্তিৰ প্ৰৱল আকাঙ্ক্ষা যেতিয়া পূৰ্ণ নহয়, মানুহে চিন্তা কৰিব পৰা শক্তি চাগে কিছুপৰিমানে হেৰুৱাই পেলায়।
এপ্ৰিলাৰো তেনে হ’ল। তাইৰ আৰ কে ক মানসিক আঘাট দিয়াৰো এটা ইচ্ছা হ’ল।

বিপ্লৱ এজন দুখীয়া ঘৰৰ ল’ৰা। দেউতাকৰ সীমিত উপাৰ্জনৰ দ্বাৰা সি পঢ়াৰ কথা কল্পনাই কৰিব নোৱাৰে।কিন্তু সিয়ো আহি এদিন আন্দোলনৰ অংশীদাৰ হ’ল। সি পিন্ধা চোলা-পেন্টযোৰৰ অৱস্থা দেখি সকলোৱে দুখ কৰে। ভৰিত হাৱাই চেণ্ডেল এযোৰ । সিয়ো গুণাৰে বন্ধা।
নতুন কাপোৰ এযোৰ কিনাৰ সামৰ্থ্য তাৰ নিজৰ নাছিল। ছাত্ৰ-ছাত্ৰীৰ টকাৰে তাক কাপোৰ এযোৰ কিনি দিয়া হৈছিল।
সি শদিয়া নে তিনিচুকীয়াৰ ফালৰ ল’ৰা আছিল। শদিয়া আৰু তিনিচুকীয়াৰ ফালে হ’ব লগীয়া কাৰ্যসূচীবোৰৰ দায়িত্ব বিপ্লৱে বহন কৰিছিল। কেন্দ্ৰীয় নেতৃত্বই তাইক তালৈ কেবাবাৰো পঠিয়াইছিল সেই ফালে। তেনেকুৱা সময়তে বিপ্লৱৰ বিষয়ে তাই জানিছিল। সি অতি নিমাখিত ল’ৰা । কিন্তু কামত সদায়েই আগৰণুৱা। কোনো কাম আধৰুৱা নকৰে। ঘৰত মাক-দেউতাক আৰু ভনীয়েক আছে। বহুত দুখীয়া। কিন্তু তাৰ ইংৰাজীত ভাল দখল আছিল। কাৰোবাৰ লগত ইংৰাজীত কথা পাতিব লগা হ’লে বিকল্প এক মাত্ৰ সি। সেয়েহে পৰবৰ্তী কালত বিপ্লৱ জালুকবাৰীৰ পি জি হোষ্টেলৰ স্থায়ী বাসিন্দা হ’ল হি ।
এইদৰে এপ্ৰিলা আৰু বিপ্লৱ মাজত ঘনিষ্ঠতা বঢ়াৰ সুযোগ কিছু বৃদ্ধি হ’ল।

১৯৮৫ চন। কেন্দ্ৰৰ আমন্ত্ৰণ ক্ৰমে ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব দিল্লী অভিমূখে ৰাওনা হ’ল। দলটোত বিপ্লৱো আছিল। কিন্তু কোনোৱেই ভবা নাছিল সেই খনেই আন্দোলনৰ শেষ মিটিঙ হ’ব বুলি। আনকি এপ্ৰিলায়ো ।
মাজ নিশা চুক্তি স্বাক্ষৰিত হ’ল। সকলোৱে আনন্দ কৰিলে। কিন্তু আৰ কে আনন্দ কৰিব পৰা নাছিল।
নেতৃবৃন্দৰ ওভটনিয়ে অসমলৈ সুপ্ৰভাত আৰু সুখৰ বন্যা বোৱাই আনিছিল। তেওঁলোকে চৰকাৰ বনাব। দেশৰ ভবিষ্যত নিজৰ হাতেৰে গঢ়িব। তাই অত্যন্ত সুখী হ’ল।
এই সুখৰ সময়তে আহি বিপ্লৱে তাইক সাৱটি ধৰি কৈ উঠিল —
I love you …
তাই একো ক’ব নোৱাৰা হ’ল। সুখৰ ওপৰত সুখে তাইক উটুৱাই লৈ গ’ল। এনেকৈয়ে তাই বিপ্লৱৰ প্ৰেমত বন্দী হ’ল। আৰু আৰ কে ক আঘাত দিয়াৰ সুযোগ এটা হাতলৈ আহিল ।
বুধিয়ক বিপ্লৱে জানিছিল, ইলেকচন হ’লে এপ্ৰিলাই গুৱাহাটীৰ এটা গুৰুত্বপূৰ্ণ সমষ্টিৰ পৰা মনোনয়ন পাব । তাইৰ যোগ্যতা আছে। কিন্তু সি মনে মনে সেই সমষ্টিৰ প্ৰাৰ্থিত্ব আশা কৰিছিল। সি তাৰ নিজৰ ঘৰুৱা সমষ্টিৰ প্ৰাৰ্থীজনৰ লগত টিকিব নোৱাৰে বুলি নিশ্চিত আছিল। যদি এপ্ৰিলাই গুৱাহাটীৰ সমষ্টিটোত প্ৰাৰ্থীত্ব লাভ কৰে, তেন্তে বিপ্লৱৰ ইমান দিনৰ কষ্ট আৰু সোণালী ভৱিষ্যতৰ সপোন থান-বান হৈ যাব। সেয়েহে সি এপ্ৰিলাক নিজৰ হাতৰ মুঠিত ৰাখিব বিচাৰিলে।

তাৰ পিছতো বহুত ঘটনা।
চৰকাৰ হল, এপ্ৰিলাই কিন্তু চৰকাৰৰ অংশীদাৰ হোৱাৰ সপোন নেদেখিলে। বিপ্লৱ এজন দায়িত্বশীল বিভাগৰ মন্ত্ৰী হ’ল। তাই সুখত উটি ভাঁহি ফুৰিবলৈ ধৰিলে।
প্ৰথম প্ৰথম সম্বৰ্ধনা সভাবোৰলৈ যাওঁতে এপ্ৰিলা লগত গৈছিল। কিন্তু য’তে ত’তে, যেতিয়াই তেতিয়াই সম্বৰ্ধনা পাতি পাতি সময়বোৰ নষ্ট কৰা দেখি তাই কথাবোৰ আঙুলিয়াই দিবলৈ আৰম্ভ কৰিলে। ফলত তাইক বিপ্লৱে বাহিৰলৈ যাওঁতে লগত নিনিয়া হল। এদিন তাই নিজেই এইবোৰৰ পৰা নিজক আঁতৰাই আনিলে। আৰু আঁতৰাই নানিয়ো উপায় নাই। বিপ্লৱে বেছি ভাগ সময় বাহিৰতে কটায়। দিল্লী,বোম্বে, কলিকতা ……
তাই জেলত থকাৰ দৰে চেক্ৰেটাৰী আৰু অৰডাৰ্লি ৰ নজৰ বন্দী হৈ ৰ’ল । তাতো কাৰণ আছে । কেনেবাকৈ যদি তাই আকৌ ওলাই আহে, বিপ্লৱ আৰু তাৰ সতীৰ্থসকলৰ নিচিনা মন্ত্ৰীবোৰৰ ৰাজনৈতিক জীৱন খতম হৈ যাব যে সেয়াও নিশ্চিত।
মনত পেলাইছিল যদিয়ো অতীতৰ কথাই এই সময়ত তাইক অশান্তি দিছিল।

তাই সকলোলৈকে মেছেজ দিয়াৰ আগতেই এটা অতি গুৰুত্বপূৰ্ণ কাম কৰিবলৈ বাকী আছিল। সেই বিশেষ আৰু একমাত্ৰ শেষ কামটো সমাধা কৰিহে তাই আগ বঢ়াৰ সিদ্ধান্ত ল’লে । আজিহে তাই বুজি পাইছে– মানুহৰ জয়যাত্ৰাৰ অন্তৰায় কেৱল মাত্ৰ মানুহ। তাকো বহু ক্ষেত্ৰতেই আপোনজন।
তাই বিপ্লৱৰ লগত সম্পৰ্কটো শেষ কৰাৰ সিদ্ধান্ত ল’লে ।
এসময়ৰ সহপাঠী, এতিয়া হাইক’ৰ্টৰ উকীল নিত্যানন্দক ইতিমধ্যে তাই মাতি পঠিয়াইছিল।
অলপ পিছতে নিত্যানন্দ আহি তাইৰ সন্মূখত উপস্থিত হ’ল।

ক্ৰমশঃ

(আৰ কে বেজবৰুৱা)

LEAVE A REPLY

Please enter your comment!
Please enter your name here