বালাকোট Part-2 সন্দৰ্ভত পাকিস্থানৰ ব্যাপক প্ৰতিক্ৰিয়া! স্থগিত ভাৰত-পাক ডাক সেৱা

0
470

 

বালাকোট Part-2 সন্দৰ্ভত পাকিস্থানৰ ব্যাপক প্ৰতিক্ৰিয়া! স্থগিত ভাৰত-পাক ডাক সেৱা

দেওবাৰে ভাৰতে POK ত চলোৱা সন্ত্ৰাসবাদী ঘাটি ধ্বংস অভিযানৰ পিছতেই পাকিস্থানে গ্ৰহণ কৰিলে এক বৃহৎ সিদ্ধান্ত। পাকিস্থানে স্থগিত কৰিলে পাক-ভাৰত ডাক সেৱা। পাকিস্থানে ভাৰতৰ সৈতে কৰা ডাক সেৱা স্থগিতকৰণৰ পিছতে পাকিস্থানৰ কাৰ্যক নিন্দা কৰি ভাৰতে কয় যে, পাকিস্থানৰ এই সিদ্ধান্তই আন্তঃৰাষ্ট্ৰীয় নিয়মসমূহ উলংঘাকৰিছে। কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে সোমবাৰে উক্ত বিষয় সন্দৰ্ভে আনুষ্ঠানিক ভাৱে সদৰি কৰে। উল্লেখযোগ্য যে, ডাক সেৱা স্থগিত কৰাৰ পূৰ্বে পাকিস্থানে ভাৰতক উক্ত বিষয় সন্দৰ্ভত কোনো জাননী নিদিয়াকৈয়ে সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে মন্ত্ৰী ৰবি শংকৰে।
মন্ত্ৰী ৰবি শংকৰে কয় যে, পাকিস্থানে এই সিদ্ধান্ত গ্ৰহণ কৰি পোনপটীয়া ভাৱে পোষ্টেল ইউনিয়নৰ নিয়মসমূহৰ উলংঘন কৰিছে। আৰু ইয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সংগঠনে পাকিস্থানৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি মন্তব্য দিয়ে মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে।

National desk NE India

LEAVE A REPLY

Please enter your comment!
Please enter your name here