বান বিভীষিকাৰ মাজতে ৰাজ্যত ভয়ংকৰ ৰূপত বৃদ্ধি মহামাৰী
বিগত কেইবাদিনো ধৰি হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছে সমগ্ৰ ৰাজ্যত। এই বিভীষিকা বান পৰিস্থিতিৰ মাজতে ৰাজ্যত ভয়ংকৰ ৰূপত বৃদ্ধি মহামাৰী ক’ভিড আক্ৰান্তৰ সংখ্যা। ৰাজ্যত ২৪ ঘণ্টাত ৪৩ জন লোকৰ গাত ধৰা পৰিছে ক’ভিড পজিটিভ। কামৰূপ মহানগৰত ৩২জন লোক আক্রান্ত ক’ভিডত, কামৰূপ গ্ৰাম্য জিলাত ৮জন লোক আক্ৰান্ত। কোকৰাঝাৰত ২জন আৰু হোজাইত এজনকৈ লোক আক্ৰান্ত। বিগত ১০ দিনত কামৰূপ মহানগৰত আক্ৰান্ত হৈছে ১৮০ জন লোক। ৰাজ্যত পজিটিভিটিৰ হাৰ ৫.৬৫ শতাংশ, বৰ্তমান সক্ৰিয় হৈ আছে ২১৭টা কেচ।
News Desk, Ne India News