Sunday, March 26, 2023
HomeAssameseবান-পৰিস্থিতিক লৈ উপায়ুক্ত সকলৰে বৈঠক মুখ্যমন্ত্ৰীৰ

বান-পৰিস্থিতিক লৈ উপায়ুক্ত সকলৰে বৈঠক মুখ্যমন্ত্ৰীৰ

বান-পৰিস্থিতিক লৈ উপায়ুক্ত সকলৰে বৈঠক মুখ্যমন্ত্ৰীৰ

বিগত কেইবাদিনো ধৰি হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত ৰাজ্য খনত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। বান পৰিস্থিৰ ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে উপায়ুক্ত, বিষয়া সকলৰ সৈতে এক video conferencing যোগে বান পৰিস্থিতিৰ পৰ্যালোচনা কৰিছে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত হোৱা বানৰ ক্ষতিৰ প্ৰতি লৈক্ষ্য ৰাখি এন ডি আৰ এফ আৰু এছ ডি আৰ এফ ৰ সহায় গ্ৰহণ কৰাৰ লগতে সেয়া প্ৰয়োজন সাপেক্ষে সেনাবাহিনীক উদ্ধাৰ প্ৰক্ৰিয়াত জড়িত কৰিবলৈ উপায়ুক্ত বিষয়া সকলক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্রী গৰাকীয়ে ।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো অঞ্চলৰ সাহায্য শিবিৰ সমূহত পৰ্যাপ্ত পৰিমাণৰ সাহায্য সামগ্ৰীৰ যোগান প্ৰক্ৰিয়া উপায়ুক্ত , বিষয়া সকলক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছে। লগতে বান অঞ্চলৰ সাহায্য শিবিৰ সমূহত ২৪ ঘণ্টাই চিকিৎসা ব্যৱস্থা প্ৰদানৰ ক্ষেত্ৰতো উপায়ুক্ত, বিষয়া সকলক নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। বান পৰিস্থিতিৰ ফলত ভাঙি যোৱা মাথাউৰী সমূহৰ পানী কমাৰ লগে লগে গাত বোৰ প্লাগ কৰি মাথাউৰী সদৃঢ় কৰি দিয়াত গুৰুত্ব প্ৰদান কৰিছে
মুখ্যমন্ত্রী গৰাকীয়ে ।

লগতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বান পৰিস্থিতিৰ পিছত ৰাজ্যত দেখা দিয়া স্বাস্থজনিত সমস্যাৰ সৈতে মোকাবিলা কৰিবৰ বাবে প্ৰতিটো ৰাজহচক্ৰত বিশাল চিকিৎসা শিবিৰ আয়োজন কৰাত উপায়ুক্ত, বিষয়া সকলক নিৰ্দেশ প্ৰদান কৰিছে । লগতে উপায়ুক্ত,বিষয়া সকলে বান পৰিস্থিতি ঠিক হলে এসপ্তাহৰ ভিতৰত বানত হোৱা ক্ষয় ক্ষতিৰ প্ৰতিবেদন দাখিল কৰি চৰকাৰক পুননিৰ্মাণৰ কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত সহযোগ কৰাত আহ্বান জনাইছে ।

সোমবাৰে বৈঠকখনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উপস্থিত আছিল পৰিবহণ মন্ত্ৰী , লগতে এন ডি আৰ এফ , এছ ডি আৰ এফ ৰ বিষয়া, বায়ুসেনা, ৰে’লৱেকে আদিকে ধৰি বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়া সকল ।

News Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments