বানৰ কৱলত অৰুণাচল

0
833

 

NEWS DESK NE INDIA: অৰুণাচলত হঠাৎ বৰাপানী নদীৰ বাঢ়নি পানীৰ  তাণ্ডৱ। অকস্মৎ অহা বাঢ়নি পানীৰ সোঁত  ৫টা ঘৰৰ লগতে এগৰাকী মহিলা আৰু দুটি শিশু উটুৱাই নিয়ে৷ উল্লেখযোগ্য যে পাপু নলাত এটি মৃতদেহ উদ্ধাৰ কৰে স্থানীয় ৰাইজে৷আনহাতে,পাপুম পাৰে জিলাত হোৱা এক ভয়াবহ ভূমিস্খলনৰ ফলত  ১০ জনীয়া যাত্ৰী কঢ়িয়াই নিয়া চুমু এখন বোকাই পুতি পেলাই৷চুমু খনত থকা যাত্ৰীকেইজনেকোনোমতে গাড়ীৰ পৰা ওলাই প্ৰাণ ৰক্ষা কৰে৷ইটানগৰৰ আৰক্ষী অধীক্ষক আৰু এন ডি আৰ এফৰ সুত্ৰই জনোৱা মতে কমেও ১৫টা ঘৰ বানপানীত উটি যোৱা বুলি পোহৰলৈ আহিছে৷  নদীত উটি যোৱা লোকসকলৰ সন্ধানত এন ডি আৰ এফৰএটি দলে  উদ্ধাৰ অভিযানত নামি পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here