বানে বিধ্বস্ত কৰা কেৰেলাত অশ্ৰুৰ নিজৰা

0
920

NEWS DESK NE INDIA: কেৰেলাত সম্প্ৰতি সাগৰ সদৃশ পৰিবেশ ৷ ধন জন সৰ্বস্ব হেৰুৱাই বানাক্ৰান্তৰ আৰ্তনাদ ৷ কেৰেলাত মূষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা প্ৰলংয়কাৰী বানৰ মাজতে এৰি দিলে মুল্লাপেৰিয়াৰ বান্ধৰ অতিৰিক্ত পানী ৷ ফলত বানে লৈছে সংহাৰী ৰূপ ৷ ৰাজ্যখনত বানত সৰ্বস্ব হেৰুৱাই ২৮৫৭ টা আশ্ৰয় শিবিৰত আছে প্ৰায় ১লাখ ৬৫ হাজাৰ বানাক্ৰান্ত ৷ ৫১ টা উদ্ধাৰকাৰী দলে বানাক্ৰান্তক উদ্ধাৰৰ বাবে অব্যাহত ৰাখিছে  অভিযান ৷ বানত নিহতৰ সংখ্যা বৃদ্ধি পাইছে প্ৰায় ৩২৪ জনলৈ ৷ ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আকাশমাৰ্গেৰে বানে বিধ্বস্ত কৰা কেৰেলাৰ পৰিস্থিতি পৰ্যবেক্ষন কৰিছে ৷ লগতে প্ৰধান মন্ত্ৰী মোডীয়ে অংশ লয় এখন বৈঠকত ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু অন্যান্য বিভাগৰ শীৰ্ষ বিষয়া সকলৰ সৈতে বান সংক্ৰান্তীয় আলোচনা কৰে বৈঠকখনত ৷ অন্যহাতে বানে সংহাৰী ৰূপ ধাৰণ কৰা কেৰেলাৰ মুখ্যমন্ত্ৰীৰ পুঁজিলৈ বিভিন্ন জনে প্ৰদান কৰিছে সাহাৰ্য ৷ দিল্লী চৰকাৰে ১০ কোটি আগবঢ়োৱাৰ লগতে পঞ্জাৱ চৰকাৰেও আগবঢ়াব ১০ কোটিৰ টকাৰ পেকেজ ৷ বানাক্ৰান্তলৈ ১৫০০ পেকেট খাদ্য ,২৫ খন মটৰ ব’ট,লাইফ জেকট ,ৰেইনকোট,জোতা যোগান ধৰিছে প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে ৷উল্লেখযোগ্য যে বানৰ সৃষ্টি কৰা ভয়াবহ পৰিস্থিতিত ব্যাহত হৈ পৰিছে ৰেল সেৱা ৷ লগতে কোচি বিমানবন্দৰ জলমগ্ন হোৱাৰ বাবে ২৬ আগষ্টলৈকে বন্ধ থাকিব বিমান সেৱা ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here