বানপীড়িতৰ সাহায্যক লৈ উপায়ুক্তসকলক নিৰ্দেশনা মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ
সোমবাৰে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই উপায়ুক্তসকলকলৰ লগত হোৱা বৈঠকত উল্লেখ কৰিছে, যে ৰঙা ফিটাৰ মেৰ পেছৰ মাজত যাতে বান সাহাৰ্য্য বন্ধ হৈ নাযায়। লগতে বান সাহায্য আঁচনিৰ পৰা ৰিপৰ্ট আৰু ৰিকুইজিশ্যন এই দুটা শব্দ আতৰাই দিব লাগে কিয়নো ৰিপৰ্ট আৰু ৰিকুইজিশ্যনৰ নামত তেওঁলোক বিভিন্ন নিয়ম সৃষ্টি কৰে যাৰ ফলত বহুতো বানপীড়িত সাহায্য নাপায় । লগতে মুখ্যমন্ত্রী গৰাকীয়ে উল্লেখ কৰিছে যে ৰিকুইজিশ্যন আৰু ৰিপৰ্ট এয়া এক দাসত্ব ৰ শব্দ এই দুটা শব্দ ব্ৰিটিছে ব্যৱহাৰ কৰিছিল।
লগতে দৰংৰ উপযুক্তক অন্তিম সকিয়নি মুখ্যমন্ত্রী ডঃহিমন্ত বিশ্ব শৰ্মাৰ, কিয়নো দৰং জিলাৰ উপায়ুক্তই সহায় বিচাৰি যোৱা বানপীড়িতক অপব্যৱহাৰ কৰাত প্ৰশ্ন তুলিছে মুখ্যমন্ত্রী গৰাকীয়ে । লগতে শেষ সুকিয়নি দি কৈছে যে বানাক্ৰান্তই সাহাৰ্য পোৱাত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় ।
News Desk, Ne India News