বানপানীৰ সময়ত অসমলৈ মনত নপৰে অৰবিন্দ কেজৰিৱালৰঃ মুখ্যমন্ত্ৰী
অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মাজত অব্যাহত আছে Tweeterৰ যুঁজ । কেজৰিৱালৰ অসম ভ্ৰমণৰ আগ্ৰহক লৈ ৰবিবাৰে টুইটাৰৰ যোগেৰে তীব্ৰ কটাক্ষ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । মুখ্যমন্ত্ৰী ডঃ শৰ্মাই টুইটাৰৰ যোগেৰে কয় , আজি আপুনি (কেজৰিৱাল) অসমলৈ অহাৰ আগ্ৰহী হৈছে । কিন্ত মই দুখী আৰু হতাশ অনুভৱ কৰিছো যে আপোনাৰ অসমলৈ অহাৰ বাবে সেইসময়ত ইচ্চা জাগ্ৰত নহয় যিসময়ত আমাৰ ৰাজ্যৰ জনতাই বানপানীৰ দৰে ভয়ানক প্ৰাকৃতিক দুৰ্যোগৰ সৈতে যুঁজি থাকে ।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্বই দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণিষ চিচোদিয়া সন্ধৰ্ভতো এক ইংগীতপুৰ্ণ মন্তব্য আগবঢ়াই টুইটাৰৰ যোগেৰে । অৰবিন্দ কেজৰিৱালক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই টুইট কৰি কয় , আপোনাৰ উপ-মুখ্যমন্ত্ৰী মণিষ চিচোদিয়াক ইতিমধ্যে অসমলৈ আমন্ত্ৰণ প্ৰেৰণ কৰা হৈছে ।
উল্লেখ্য যে , অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্বৰ শৰ্মা আৰু তেওঁৰ সহধৰ্মিনী, পুত্ৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনিছিল দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণিষ চিচোদিয়াই । চিচোদিয়াৰ এই মন্তব্যৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মানহানীৰ গোচৰ তৰিছিল । উক্ত গোচৰৰ বাবে কামৰুপ ন্যায়িক আদালতে চেপ্তেম্বৰৰ অন্তিম ভাগত আদালতত উপস্থিত হোৱাৰ বাবে মণিষ চিচোদিয়ালৈ জাননী প্ৰেৰণ কৰিছিল ।
অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মাজত চচিয়েল মিডিয়াত যুঁজ আৰম্ভ হৈছিল বুধবাৰৰ পৰা । ৰাজ্যৰ কেবাখনো চৰকাৰী মাধ্যমৰ স্কুল অসম চৰকাৰে বন্ধ কৰি দিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাৰ পিচতে , টুইটাৰত প্ৰতিক্ৰিয়া দিছিল অৰবিন্দ কেজৰিৱালে । টুইটাৰৰ যোগেৰে কেজৰিৱালে অসমৰ চৰকাৰী মাধ্যমৰ স্কুল পৰিদৰ্শন কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছিল । তাৰপিচতে আৰু দিল্লীৰ মুখ্যমন্ত্ৰীৰ মাজত আৰম্ভ হৈছিল টুইটাৰৰ যুঁজ ।ৰবিবাৰে টুইটাৰৰ যোগেৰে অৰবিন্দ কেজৰিৱালক দিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰে বিশেষ চৰ্চা লাভ কৰিছে ।
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ধাৰাবাহিক ভাৱে দিল্লী আৰু অসমৰ মাজত থকা ভিন্নতা উনুকিয়াই দি আহিছে টুইটাৰৰ যোগেৰে । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অজ্ঞানতা দুৰ কৰাৰ বাবে , অসমৰ মুখ্যমন্ত্ৰী য়ে উনুকিয়াই দিছিল যে অসম দিল্লীতকৈ ৫০ গুণ ডাঙৰ ৰাজ্য । অসমত ৪৪ হেজাৰ ৫২১ খন চৰকাৰী স্কুল আছে । এই স্কুল সমুহত ৬৫ লাখ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰে । ইয়াৰ বিপৰীতে দিল্লীত আছে মাথো ১ হেজাৰতকৈ অলপ বেছি চৰকাৰী স্কুল ।
অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ সময়ত অৰবিন্দ কেজৰিৱালে দিল্লীৰ জনতাক দিয়া প্ৰতিশ্ৰুতি মনত পেলায় দিয়ে । অৰবিন্দ কেজৰিৱালক ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন , দিল্লীক লণ্ডন আৰু পেৰিচ দৰে বনোৱাৰ কথা আছিল , মনত আছেনে কেজৰিৱালজী ?
News Desk, Ne India News