বানপানীৰ কবলত পৰি বিঘাই বিঘাই শাকপাচলিৰ বাৰী ক্ষতিসাধন৷
এইয়া তিনিচুকীয়া জিলাৰ ২ নং কপাহতলি লাউপানি গাওঁৰ কৃষকৰ দুৰৱস্থা
কৃষক সকলৰ বাৰীৰ গোমধান, ঘেঁহু, স্চকোৱাচ বেগেনা জলকীয়া কচুকে ধৰি সকলো ধৰনৰ পাচলি বানপানীৰ কবলত পৰি নষ্ট হয় ।
পাচলি লাগি থকাৰ সময়তে বানপানী অহাত চিঙিব নোৱাৰাৰ বাবে মৰহি যোৱাৰ লগতে গছৰ ফল গছতে গজালি মেলিলে।
এই বানপানীত নষ্ট হোৱা সকলো ধৰনৰ খেতি কৰা খেতিয়ক সকলে চৰকাৰী কোনো ধৰনৰ সুবিধা লাভ কৰা নাই বুলি কৃষক সকলে কয় ৷
খেতি নকৰা কৃষক সকলে লাভ কৰে কৃষক আচঁনি সমূহ বুলি কৃষক সকলে তীব্ৰ অভিযোগ তুলিছে ৷
কৃষিকৰ্মৰে পৰিয়ালক পো পাল দি থকা কৃষকৰ দু-অৱস্থা ৷
পাক বাৰিষাতে এই গতি ভৰ বাৰিষা এতিয়াও বাকী আছে ।
চৰকাৰক কৃপা দৃষ্টি ৰাখিবলৈ আহ্বান কৃষকৰ ৷
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া , Ne India News