Sunday, March 26, 2023
HomeAssameseবানপানীত বিধ্বস্ত ফৰিদকোনা দোহালিয়াৰ কেবাটাও পৰিয়াল

বানপানীত বিধ্বস্ত ফৰিদকোনা দোহালিয়াৰ কেবাটাও পৰিয়াল

বানপানীত বিধ্বস্ত ফৰিদকোনা দোহালিয়াৰ কেবাটাও পৰিয়াল

বিগত কেইবাদিনো ধৰি হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ চাৰিদিশে বানৰ ভয়াবহ পৰিস্থিতি সৃষ্টি হৈছে। লগতে বহুতো ডাঙৰ ডাঙৰ ভূমিস্খলন হৈছে ৰাজ্যৰ বিভিন্ন অঞ্চলত, ফলত তাত বহু মানুহৰ ঘৰ বাৰী ধ্বংশৰ গৰাহঁৰ কৱলত পৰিছে। তাৰে কিছু তথ্য বন্দী হৈছে Ne India News ৰ কেমেৰাত।

কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ ২৩ নং ফৰিদ কোনা দুহালিয়া গাঁও পঞ্চায়তৰ ব্লক ২ ৰ মানুহৰ পৰিস্থিতি বহুতো বেয়াৰ ফালে ঢাল খাইছে। ভূমিস্খলনৰ ফলত কথামপি প্রাণ বাছিল বহু কেইটি পৰিয়ালৰ । ভূমিস্খলনৰ পিছত একেখন গাঁওৰে ৰিণাৰানি দেব, বিজিত দেব, অঞ্জনা দেব, ঠেলা চালক লক্ষ্মী কান্ত দে, ধিৰেন্দ দে, ধিৰেন্দ দে, আব্দুল মতিনৰা,Ne India News ৰ camera ৰ সম্মুখত নিজৰ অসুবিধাৰ কথা তুলি ধৰিছে গাঁও বাসীয়ে। লগতে জনায় যে, পাথাৰকান্দি বিধানসভা সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পাল, ৰাজ্যৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাৰ দৃষ্টি যেন এই অসহায় গাঁও বাসীৰ ওপৰত পৰে ।

হীৰক বণিক, ৰামকৃষ্ণ নগৰ , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments