Saturday, March 18, 2023
HomeAssameseবানত ক্ষতিগ্ৰস্থ পশুপালকে নাপালে বান সাহাৰ্য

বানত ক্ষতিগ্ৰস্থ পশুপালকে নাপালে বান সাহাৰ্য

বানত ক্ষতিগ্ৰস্থ পশুপালকে নাপালে বান সাহাৰ্য

বানত ভীষণভাৱে ক্ষতিগ্ৰস্থ বৰপেটা জিলা ৷ জিলাখনৰ
বান ক্ষতিগ্ৰস্থ পৰিয়াল সমুহক ৰাজ্য চৰকাৰে সাহায্য সামগ্ৰী প্ৰদান কৰিছে যদিও বান সাহায্য বিতৰণৰ ক্ষেত্ৰত যেন নীতিৰ অভাৱ হৈছে ৰাজ্য চৰকাৰৰ ৷
বিশেষকৈ বানত ক্ষতিগ্ৰস্থ পশুপালক সকলৰ ক্ষেত্ৰত বঞ্চনাৰ অভিযোগ উত্থাপিত হৈছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৷
বৰপেটা জিলাৰ সৰুক্ষেত্ৰীৰ গড়ৰটাৰী গাৱৰ এখন গাহৰি পাম । ২০১৯ চনৰ ৰাজ্যৰ শ্ৰেষ্ঠ গাহৰি পালকৰ বঁটা লাভ কৰা ডালিম বড়োৰ ৰণথলি গাহৰি পাম ৷
বানত ভীষণভাৱে ক্ষতিগ্ৰস্থ পামখনত আছে প্ৰায় তিনিশ গাহৰি ৷
পিছে বানত ক্ষতিগ্ৰস্থ পামখনে পশু খাদ্যৰ নামত লাভ নকৰিলে এমুঠি পশুখাদ্য ৷

আনকি বানৰ এনে তাণ্ডৱৰ মাজতো কোনো এগৰাকী পশু চিকিৎসা বিষয়া পামখনত উপস্থিত নহ’ল ৷

যিসময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্কীল ডেভ’ল’পমেন্টৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীসকলক স্বাৱলম্বী কৰি তোলাত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে তেনে সময়তে পশু পালনেৰে স্বাৱলম্বিতাৰ পথ দেখুওৱা ৰাজ্যৰ পশু পালকসকলক বানৰ সময়ত ৰাজ্য চৰকাৰে প্ৰদৰ্শণ কৰা হেমাহিক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে এগৰাকী প্ৰগতিশীল গাহৰি পালক ডালিম বড়োৱে ৷এইক্ষেত্ৰত গাহৰি পালকগৰাকীয়ে পশুপালক সকলক উপযুক্ত সাহায্য প্ৰদানৰ বাবে দাবী জনাইছে ৷

স্বৰ্ণদ্বীপ ডেকা , সৰ্থেবাৰী , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments