Tuesday, May 23, 2023
HomeAssameseবাজালনী চাহ বাগিচাত আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন

বাজালনী চাহ বাগিচাত আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন

দেওবাৰে আন্তৰ্জাতিক মে দিৱস কিম্বা শ্ৰমিক দিৱস,মে মাহৰ প্ৰথম দিনটোৱে বিশ্বৰ বহু দেশত এই মে দিৱস পালন কৰা হয়।

১৮৮৬ চনৰ ১ মে’ তাৰিখে যুক্তৰাষ্ট্ৰ চিকাগ নগৰৰ ‘হে’ মাৰ্কেটত ৮ ঘণ্টা শ্ৰম দানৰ দাবীত আন্দোলন কৰা শ্ৰমিকৰ ওপৰত গুলী চালনাৰ ফলত ১১ জন শ্ৰমিক শ্বহীদ হৈছিল,পিছে এই দিৱস যুক্তৰাষ্ট্ৰ বা কানাডাত পালন কৰা নহয়,শ্ৰমিক আন্দোলনৰ পটভূমিত পালিত হোৱা ‘মে’ দিৱসৰ তাৎপৰ্য ইতিহাসৰ বুকুত এক গুৰুত্বপূৰ্ণ ঘটনা।
ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে অসম চাহ মজদূৰ সংঘ
ডুমডুমা শাখাৰ উদ্যোগত আৰু বজালনী, ৰাজগড় আলি, মথলা, সাৱিত্ৰী, টেঙাপানী, লাংকাচী, শেৱালী, বেতজান চাহ বাগিচা গোট তথা শ্ৰমিক ৰাইজৰ সহযোগত এদিনীয়া বিস্তৃত কাৰ্যসূচীৰে বজালনী চাহ বাগিচা খেলপথাৰত আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰা হয়।

উক্ত অনুষ্ঠানটিত ডমডুমাৰ সমষ্টিৰ বিধায়ক তথা অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱালা আৰু উপদেষ্টা দিলেশ্বৰ তাঁতীয়ে পতাকা উত্তোলন আৰু স্মৃতি তৰ্পন কৰাৰ লগতে উদ্যোগতা সমিতিৰ তৰফৰ পৰা সভাপতি ৰাজেশ ধনোৱাৰ, সম্পাদক ৰাহুল তাঁতী, সহ সম্পাদক ৰাজেশ তাঁতী উপস্থিত থাকে।

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া ,Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments