Monday, May 22, 2023
HomeAssameseবাঘজান কাণ্ডৰ ওপৰত নিৰ্মিত চলচিত্ৰ আন্তৰাষ্ট্ৰীয় কাঁ মহোৎসৱলৈ নিৰ্বাচিত

বাঘজান কাণ্ডৰ ওপৰত নিৰ্মিত চলচিত্ৰ আন্তৰাষ্ট্ৰীয় কাঁ মহোৎসৱলৈ নিৰ্বাচিত

অসম আৰু অসমীয়াৰ বাবে এটি সুখবৰ  অহা ১৭ মে’ ৰ পৰা ২৮ মে’লৈকে ফ্ৰান্সৰ পেৰিচত অনুষ্ঠিত হ’ব লগিয়া কাঁ চলচিত্ৰ মহোৎসৱৰ বাবে দেশৰ চাৰিখন চলচিত্ৰ নিৰ্বাচিত হৈছে । তাৰে ভিতৰত অসমৰ তিনিচুকীয়া জিলাৰ ৰজত কমল বঁটা প্ৰাপক কাকপথাৰ টঙনাৰ যুৱক জয়চেং জয় দহোতীয়াৰ পৰিচালনা আৰু প্ৰযোজনাত নিৰ্মিত বাঘজান চলচিত্ৰ খনি আন্তৰাষ্ট্ৰীয় কাঁ মহোৎসৱলৈ নিৰ্বাচিত হৈছে। জয়চেং জয় দহোতীয়াই পূৰ্বেও ৰজত কমল বঁটাকে ধৰি কেইবাখনো চলচিত্ৰৰ বাবে ৰাষ্ট্ৰীয় , আন্তৰাষ্ট্ৰীয় বঁটা বুটলিবলৈ সক্ষম হৈছে । পোন প্ৰথমবাৰ ৰাজ্যৰ সংবাদমাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জয়চেং জয় দহোতীয়াই, অসম চৰকাৰলৈ অহা যোৱাৰ সু-ব্যৱস্থা কৰি দিবলৈ সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ কৰিছে পৰিচালকগৰাকীয়ে ।


ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া,Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments