Wednesday, March 22, 2023
HomeAssameseবাঘজানৰ অইল বিস্ফোৰণ কাণ্ডৰ দুটা বৰ্ষ সম্পূৰ্ণ

বাঘজানৰ অইল বিস্ফোৰণ কাণ্ডৰ দুটা বৰ্ষ সম্পূৰ্ণ

উজনি অসমৰ তিনিচুকীয়া জিলাৰ ডুমডুমা সমষ্টিৰ অন্তৰ্গত বাঘজান গাঁৱত যোৱা ২০২০ বৰ্ষৰ ২৭ মে’ তাৰিখে বাঘজান BGN-5 নং তৈল কূপত প্ৰথমে গেছ নিৰ্গত হয় আৰু ২৭ মে’ৰ পৰা ১৩ দিন ধৰি অহৰহ গেছ নিৰ্গত হৈ ৯ জুন তাৰিখে এক ভয়ংকৰ অগ্নিকাণ্ডলৈ ৰূপান্তৰ হয়।

অগ্নিকাণ্ডত বিনষ্ট হৈছিল সেউজীয়া প্ৰাকৃতিক পৰিৱেশ।

জুইত জাহ গৈছিল বহু পৰিয়ালৰ ঘৰ-বাৰী, কৃষিভূমি।

মৃত্যু হৈছিল অসংখ্য জীৱ-জন্তু,পশু-পক্ষীৰ। মৃত্যু হৈছিল ৰাষ্ট্ৰীয় সম্পদ শিহু।

মাগুৰি বিলৰ লগতে শিহু বিখ্যাত ডিব্ৰু-ডাঙৰী নদীও সম্পূৰ্ণ প্ৰদূষণ হৈ পৰিছিল। যাৰ ফলত মৃত্যু হৈছিল বিভিন্ন প্ৰজাতিৰ মাছ-কাছ।

বিনষ্ট হৈছিল অঞ্চলবাসীৰ বহু কৃষিভূমি।

ঘটনাত শ্বহীদ হৈছিল চাৰিজনকৈ লোক। অগ্নিনির্বাপক বাহিনীৰ কৰ্মচাৰী ক্ৰমে তিক্ষেশ্বৰ গোহাঁই (চাবুৱা), দুৰ্লভ গগৈ (নামৰূপ), অইলৰ এগৰাকী কাৰ্যবাহী (জ্যেষ্ঠ ) অভিযন্তা অৰ্ণৱ বৰদলৈ আৰু এগৰাকী স্থানীয় ব্যক্তি শুকলেশ্বৰ নেওগ।

এক কথাত মৃত্যুৰ উপত্যকালৈ পৰিণত হৈছিল বাঘজান তৈল কুপ। আনফালে অঞ্চলবাসীৰ জীয়া-যন্ত্ৰণা। শব্দ ,কম্পন ,বায়ু প্ৰদূষণৰ মাজেৰে পাৰ কৰিছিল অঞ্চলবাসী ৰাইজে।

শুকুৰবাৰ অৰ্থাৎ আজি সেই দিনটোক সুঁৱৰি বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত আৰু বৃহত্তৰ বাঘজান-দীঘলটৰং-কলিয়াপানীবাসী ৰাইজৰ সহযোগত বাঘজান অইল বিস্ফোৰণ কাণ্ডৰ প্ৰতিবাদত দ্বিতীয় বাৰ্ষিক ‘ক’লা দিন’ উদযাপন কৰে।

উল্লেখযোগ্য যে, সুদীৰ্ঘ ১৭৩ টা দিনৰ‌ অন্তত যোৱা ২০২০ বৰ্ষৰ ১৫ নৱেম্বৰ তাৰিখে বহু প্ৰচেষ্টা আৰু জল্পনা-কল্পনাৰ অন্তত কানাডাৰ স্নাভিং ইউনিট যন্ত্ৰৰ সহায়ত ৮ জনীয়া বিদেশী বিশেষজ্ঞ সকলৰ‌ প্ৰচেষ্টাত আৰু অ’ এন জি চি, অইল কৰ্তৃপক্ষৰ সহায়ত নিৰ্বাপন তথা নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় বাঘজান BGN-5 নং তৈল কূপৰ অভিশপ্ত অগ্নিকাণ্ড।

ঘটনাৰ আজি দুটা বৰ্ষ সম্পূৰ্ণ হোৱাৰ পাছতো সমস্যাই লগ এৰা নাই বাঘজানবাসীক। বৰ্তমান সময়ত মাটি-পানী প্ৰদূষণৰ লগতে বিভিন্ন ৰোগ-ব্যাধিয়ে দেখা দিছে বুলি অভিযোগ উত্থাপন কৰিছে বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘই। খেতি-বাতিয়ো একেবাৰে বেয়া বুলি প্ৰকাশ কৰে। আনহাতে বাঘজান ঘটনাৰ সময়ত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আহি ঘোষণা কৰা বিশেষ আঁচনি ভিতৰত মডেল হস্পিতাল নিৰ্মাণ, নদীবান্ধৰ কামৰ লগতে আন কেইবাটাও দাবী আজিও পূৰণ নহ’ল বুলি প্ৰকাশ কৰে আৰু উক্ত আঁচনি সমূহ সম্পূৰ্ণ কৰিবলৈ অসম চৰকাৰক দাবী উত্থাপন কৰে।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া ,Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments