Sunday, December 4, 2022
HomeAssameseবাঘজানত সংঘটিত হৈছে তেল চুৰি কাণ্ড, বাঘজান থানাৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত

বাঘজানত সংঘটিত হৈছে তেল চুৰি কাণ্ড, বাঘজান থানাৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত

বাঘজানত সংঘটিত হৈছে তেল চুৰি কাণ্ড, বাঘজান থানাৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত

শুক্ৰবাৰে নিশা প্ৰায় ১২:২০ মান বজাত বাঘজান BGN-3 আৰু বাঘজান EPS সংযোগী অইলৰ তেল পৰিবাহী পাইপ কাটি তেল চুৰি কৰাৰ চেষ্টা দুৰ্বৃত্তৰ।

তেল পৰিবাহী পাইপ কাটি শব্দ হৈ থকা অৱস্থাত স্থানীয় লোকৰ হৈ চৈ লগাৰ পিছত পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে।

স্থানীয় ৰাইজে জানিব দিয়া অনুসৰি ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পৰা কোনো মতে ৰক্ষা পৰিল।

লগে লগে বাঘজান থানাৰ আৰক্ষীক খবৰ কৰা হয় যদিও তেল চুৰিৰ বাবে দলটোৰ বিষয়ে কোনো সূত্ৰ লাভ কৰিবলৈ সক্ষম নহয়।

বাঘজানত সংঘটিত হৈছে তেল চুৰি কাণ্ড, বাঘজান থানাৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত

উক্ত ঘটনাৰ ওপৰত বাঘজান থানাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে, ঘটনাস্থলীৰ নিচেই কাষৰ পৰা এটা জেকেট, এটা লং পেন আৰু এটা চুৱেটাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

ইপিনে উক্ত ঘটনাক কেন্দ্ৰ কৰি বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ সম্পাদক পাপুল গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বাঘজান অঞ্চলত তেল পৰিবাহী পাইপ চোৱা চিতাৰ দায়িত্বত কোনো চিকৰিটি নোহোৱাৰ বাবেই সুযোগ গ্ৰহণ কৰিছে দুৰ্বৃত্তই।

গতিকে অতিশীঘ্ৰে স্থানীয় চিকৰিটি নিয়োগৰ বাবে অইল ইণ্ডিয়া লিমিটেড আৰু আৰক্ষী প্ৰশাসনক দাবী জনায় ।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া ,Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments