বাংলাদেশৰ স্বাধীনতা দিৱসৰ উপলক্ষে আয়োজিত অনুষ্ঠানলৈ আমন্ত্ৰিত মোদী

0
140

বাংলাদেশৰ স্বাধীনতা দিৱসৰ উপলক্ষে আয়োজিত অনুষ্ঠানলৈ আমন্ত্ৰিত মোদী

বাংলাদেশৰ স্বাধীনতাৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে ঢাকাত আয়োজিত অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক।বিদেশ মন্ত্ৰী ড০ এ কে আব্দুল মোমেনে কয় যে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী অহা বছৰৰ ২৬ মাৰ্চত বাংলাদেশলৈ আহিব পাৰে।
দেওবাৰে ঢাকাত নতুনকৈ নিযুক্ত ভাৰতীয় উচ্চায়ুক্ত বিক্ৰম কুমাৰ ডোৰাইস্বামীৰ বিদেশ মন্ত্ৰীৰ সৈতে বৈঠক অনুষ্ঠিত হয়। ইয়াৰ পাছতে বিদেশ মন্ত্ৰী গৰাকীয়ে ভাৰতৰ প্ৰধান মন্ত্ৰী বাংলাদেশলৈ অহাৰ সম্ভাৱনাৰ কথা সদৰী কৰে।
তেওঁ কয় যে ১৬ডিচেম্বৰত প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাই ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক ভাৰ্চুৱেল বৈঠকত মিলিত হ’ব পাৰে।

News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here