বহু প্ৰতিক্ষাৰ অন্তত আৰম্ভ হ’ল আফগানিস্তান আৰু তালিবানৰ মাজত শান্তি আলোচনা

0
223

বহু প্ৰতিক্ষাৰ অন্তত আৰম্ভ হ’ল আফগানিস্তান আৰু তালিবানৰ মাজত শান্তি আলোচনা

বহু প্ৰতীক্ষাৰ অন্তত তালিবান আৰু আফগানিস্তান চৰকাৰৰ মাজত এক শান্তি আলোচনা হয়। কাটাৰৰ ৰাজধানী ডহাত অনুষ্ঠিত হয় এই আলোচনা। এই আলোচনাৰ এক কনফাৰেন্সত ভাৰতৰ বৈদেশিক মন্ত্ৰী ড° এছ জয় শংকৰৰ গুৰুত্বপূৰ্ণ মন্ত্যব প্ৰদান কৰি কয় যে আফগানিস্তানৰ ভূমি কেতিয়াও ব্যৱহাৰ হ’ব নোৱাৰিব ভাৰত বিৰোধী কাৰ্য কলাপত। আফগানিস্তানৰ শান্তি প্ৰক্ৰিয়া আফগান লোকৰ নেতৃত্বতে হ’ব লাগিব,আফগানিস্তানৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বক সকলোৰে সন্মান জনাব লাগিব আৰু লগতে মন্তব্য কৰে আফগানিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্ক এক ঐতিহাসিক সম্পৰ্ক। এই সম্পৰ্ক আৰু অধিক শক্তিশালী হৈ উঠিব বুলি মন্তব্য কৰে বৈদেশিলক মন্ত্ৰী এছ জয়শংকৰে।আফগানিস্তানত ভাৰতে বহু উন্নয়ন প্ৰকল্পত কাম কৰি আছে।এই শান্তি আলোচনাত মুখ্য ভূমিকা পালন কৰিছে আমেৰিকা ৰাষ্টপ্ৰ্তি ড’নাল্ড টাম্পে

News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here