বহু অপেক্ষাৰ অন্তত আহিল ক’ৰনাৰ ভেকচিন
ক’ৰনা ত্ৰাসৰ মাজতে আহিছে এক ভাল খবৰ । ইংলেণ্ডৰ পৰা আহিছে এই ভাল খবৰটো।বুধবাৰৰ দিনটোত ব্ৰিটেইনে ফাইজাৰ বায়’টেকৰ ক’ভিড-১৯ প্ৰতিষেধক ব্যৱহাৰৰ অনুমোদন জনাইছে আৰু প্ৰতিষেধকত অনুমোদন জনোৱা প্ৰথমখন দেশত পৰিণত হৈছে ইংলেণ্ড।
অহা সপ্তাহৰ আৰম্ভণিৰে পৰা এই প্ৰতিষেধক প্ৰদানৰ কাম আৰম্ভ হ’ব বুলিও দেশখনে প্ৰকাশ কৰে। ‘চৰকাৰে ইণ্ডিপেণ্ডেণ্ট মেডিচিনছ এণ্ড হেল্থকেয়াৰ প্ৰডাক্টছ ৰেগুলেটৰী এজেন্সি’ (এমএইচআৰএ)এ ‘ফাইজাৰ বায়’টেক’ৰ ক’ভিড-১৯ প্ৰতিষেধক ব্যৱহাৰত অনুমোদনৰ জনায়।
উল্লেখ্য যে, ফাইজাৰ বায়’টেক আৰু ইউএছ বায়’টেক ফাৰ্ম ‘ম’ডেৰ্না’ই এই প্ৰতিষেধকৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰি কৈছিল যে, এই প্ৰতিষেধকে ৯০ শতাংশতকৈ অধিক ফলপ্ৰসু হৈছে। এনে অপ্ৰত্যাশিত সুফল লাভৰ পাছত এই প্ৰতিষেধক এতিয়া ব্যৱহাৰৰ অনুমোদন দিয়া হৈছে আৰু সমগ্ৰ বিশ্বৰ স্বাস্থ্য খণ্ডৰ বাবেই ই এক বৃহৎ সুখবৰ হিচাপে চিহ্নিত হৈছে।
News Desk,Ne India