Tuesday, May 23, 2023
HomeAssameseবহিঃৰাজ্যত কাম কৰিবলৈ গৈ সন্ধানহীন মঙলদৈৰ যুৱক

বহিঃৰাজ্যত কাম কৰিবলৈ গৈ সন্ধানহীন মঙলদৈৰ যুৱক

বহিঃৰাজ্যত কাম কৰিবলৈ সন্ধানহীন মঙলদৈৰ যুৱক । খৱৰ অনুসৰি মঙলদৈৰ গেৰিমাৰিৰ স্বৰ্গীয় ভবেন ৰয় আৰু সাবিত্ৰী ৰয়ৰ কণিষ্ট পুত্ৰ পবিত্ৰ ৰয় ওৰফে অপুলে তিনিমাহ পুৰ্বে কৰ্মসংস্থান বিচাৰি বাংগালোৰলৈ গৈছিল । লগত গৈছিল অপুলৰে বন্ধু মঙলদৈৰ কেইজনমান যুৱক । বাংগালোৰৰ এটা ব্যক্তিগত কাৰখানাৰ কৰ্মত যোগদান কৰিছিল অপুলে ।
বাংগালোৰত দুমাহ কাম কৰাৰ অন্তত এমাহ পুৰ্বে ঘৰলৈ আহিবলৈ অপুলে বাংগালোৰৰ এটা ষ্টেচনত টিকট কৰিবলৈ গৈছিল । টিকট কৰিবলৈ যাওঁ‌তে অপুলৰ লগত আছিল নৰেশ মণ্ডল আৰু গুপি মণ্ডল নামৰ যুৱক দুজন । টিকট কৰিবলৈ গৈ ষ্টেচনৰ পৰাই সন্ধানহীন হৈছিল অপুল ।
এমাহ পুৰ্বে সন্ধানহীন হোৱা অপুলক লৈ দুচ্চিন্তাত কটাইছে অপুলৰ পৰিয়ালবৰ্গই । পৰিয়ালৰ লোকে ইতিমধ্যে মঙলদৈ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । অপুলৰ সন্ধান পালে 84738-10594 আৰু 76368-94321 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।

পংকজ সৰকাৰ , মঙলদৈ , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments