বহাগৰ ১০ তাৰিখৰ পিছৰ বিহুত কোনো সাহায্য প্ৰদান নকৰে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে

46

দৰং জিলাৰ গৰুখুটিত অনুষ্ঠিত হব বিশাল আয়োজনত গৰু বিহু। গৰু বিহু দিনাখন গৰুখুটি কৃষি প্ৰকল্পত বিহুৰ লগতে প্ৰদৰ্শিত হব দৰঙী লোকাচাৰ।জিলা পুথিভঁৰালত বিহু সমিতিক চেক প্ৰদান অনুষ্ঠানত উপস্থিত থাকি  সকলো বিহু সমিতিক গৰু বিহুৰ দিনা গাৰুখুটি কৃষি প্ৰকল্পত  বিহু  উদযাপনৰ বাবে নিমন্ত্ৰণ জনালে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে ।বৃহস্পতিবাৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সমগ্ৰ দৰং জিলাৰ ৰঙালী বিহু উদযাপন সমিতি সমূহলৈ অসম চৰকাৰৰ তৰফৰ পৰা এককালিন আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানত এই মন্তব্য আগবঢ়ায় বিধায়ক পৰমানন্দ ৰাজবংশীয়ে । জিলা পুথিভৰালত অনুষ্ঠিত আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানত জিলাখনৰ  ৭৫ খন বিহু সমিতিৰ ৫ খন বিহু সমিতিক আনুষ্ঠানিক ভাৱে চেক প্ৰদান কৰা হয়

মঙ্গলদৈ,পংকজ সৰকাৰ,
NE India news

LEAVE A REPLY

Please enter your comment!
Please enter your name here