বল বম যাত্ৰীসকলৰ সেৱাৰ্থে সুৰপুৰীয়া পৰিয়ালৰ সেৱা কেন্দ্ৰ
স্বৰ্গীয় হেমৰাজ আগৰৱালা,আৰু স্বৰ্গীয় অনজনী আগৰ ৱালাৰ স্মৃতিত প্ৰত্যেক বছৰেই সুৰপুৰীয়া পৰিয়ালৰ উদ্যোগত তিনিচুকীয়াৰ লংছোৱাল ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বল বম যাত্ৰীসকলৰ বাবে সেৱা প্ৰদান কৰি আহিছে । কৰুণা মহামাৰীৰ বাবে দুবছৰ এই সেৱা স্থগিত আছিল । শাওন মাহ দেৱা দি দেৱ মহাদেৱৰ প্রিয় মাহ হোৱাৰ হেতুকে এই মাহত মহাদেৱৰ ভক্তসকলে বহু দূৰ দূৰণিৰ পৰা আহি নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে নদীৰ পৰা জল আনি শিৱৰ অভিষেক কৰে । এই যাত্ৰাকালত উক্ত ভক্তসকলকৰ যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় সেই উদ্দেশ্য লৈ এই সেৱা কেন্দ্ৰ প্ৰত্যেক বছৰে চলাই আহিছে বুলি সুৰপুৰীয়া পৰিয়ালৰ সদস্যই সংবাদ মাধ্যমক জানিব দিয়ে ।