অভিনেতা মিথুন চক্ৰৱৰ্তীৰ পুত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু
বলীউডৰ অভিনেতা মিথুন চক্ৰৱৰ্তীৰ পুত্ৰ মহা অক্ষয় বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ আনিছে এগৰাকী মহিলাই ।মহিলাগৰাকীয়ে দাবী কৰিছে যে ২০১৫ চনৰ পৰা মিমোহৰ সৈতে সম্পৰ্কত আছিল। তেওঁ অভিযোগ উত্থাপন কৰিছিল যে মিমোহে তাইক ঘৰলৈ মাতি পঠিয়াইছিল আৰু জোৰকৈ সুৰা পান কৰোৱাই শাৰীৰিক সম্বন্ধ কৰিছিল। ৰাষ্টীয় সংবাদ মাধমে জনোৱা অনুসৰি সেই মহিলা গৰাকীয়ো এগৰাকী অভিনেত্ৰী
আনহাতে মিঠুন চক্ৰৱৰ্তীৰ পত্নী যোগিতা বালিয়ে নিৰ্যাতিতা যুৱতী গৰাকীক বলপূৰ্বক গৰ্ভপাত কৰোৱাৰ অভিযোগ উঠিছে।মিমোহৰ মাতৃয়ে মহিলাগৰাকীক ভাবুকি দিয়াৰো অভিযোগ উত্থাপন কৰিছে।যুৱতী গৰাকীয়ে তৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ৭৬(২),৩২৮,৪১৭,৫০৬,৩১৩,৩৪ ধাৰাত গোচৰ ৰুজু কৰিছে।
News Desk,Ne India