বলিউডৰ প্ৰখ্যাত সংগীত পৰিচালক শ্ৰৱণৰ দেহাৱসান

0
83

 

বলিউডৰ প্ৰখ্যাত সংগীত পৰিচালক শ্ৰৱণৰ দেহাৱসান

‘আশিকী’ ছবিৰে ভাৰতীয় চলচ্চিত্ৰ প্ৰেমী তথা সংগীত প্ৰেমীক এক সুকীয় স্বাদ দিবলৈ সক্ষম হোৱা প্ৰখ্যাত সংগীত পৰিচালক নাদিম-শ্ৰৱণ যুটীৰ শ্ৰৱণ ৰাথোড়ৰ পৰলোকপ্ৰাপ্তি ঘটিছে । ক’ৰণাত আক্ৰান্ত হৈ মুম্বাইৰ SL চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা প্ৰখ্যাত সংগীত পৰিচালক গৰাকীয়ে ইহলীলা সম্বৰণ কৰে শুকুৰবাৰে । মধুমেহ তথা হৃদৰোগত আক্ৰান্ত হৈ আছিল প্ৰয়াত শ্ৰৱণ ৰাথোড় । মৃত্যুৰ সময়ত শ্ৰৱণ ৰাথোড়ৰ বয়স হৈছিল ৬৬ বছৰ ।

৯০ দশকৰ কেবাখনো হীট ছবি সংগীত পৰিচালনা কৰিছিল নাদিম-শ্ৰৱণ যুটি । আশিকী ছবিৰ লগতে দিল হেই কি মানতা নেহি , পৰদেশ , সাজন , চড়ক আদি ছবিৰ সংগীত পৰিচালনা কৰিছিল নাদিম-শ্ৰৱণ যুটিয়ে । মৃত্যুৰ সময়ত শ্ৰৱণ ৰাথোড়ে এৰি যায় দুই পুত্ৰ সঞ্জীৱ আৰু দৰ্শনক । দুই পুত্ৰ সঞ্জীব আৰু দৰ্শন ইতিমধ্যে বলিউডৰ সংগীত ক্ষেত্ৰত প্ৰতিস্থিত সঞ্জীৱ-দৰ্শন যুটি নামেৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here