বন্যাৰ্তক সহায়ৰ হাত প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ
এটুপি খোৱা পানীৰ বাবে হাহাঁকাৰ বানপীৰিত ৰাইজৰ ৷ সহায়ৰ হাত আগবঢ়াইছে প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে ৷ মঙলদৈ সমষ্টিৰ ৰঙামাটি অঞ্চলত আজিও অবৰ্ণনীয় বানপানীৰ পৰিস্থিতি ৷ মঙলদৈ সমষ্টিৰ শাকতোলা নৈৰ চিগা মাঠাউৰিৰে ওলোৱা পানীয়ে ডুবাই ৰাখিছে বৃহত্তৰ ৰঙামাটি অঞ্চলৰ কেইবাখনো ৰাজহ গাওঁ ৷ এমুঠি অন্ন এটুপি পিয়াহৰ পানীৰ বাবে হাহাঁকাৰ কৰিবলগীয়া হৈছে অঞ্চল বাসীৰ ৷ তেনে সময়তে মঙলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মিন নিগমৰ অধক্ষ্য গুৰুজ্যোতি দাসে ব্যক্তিগত প্ৰচেষ্টাত বানপীৰিত অঞ্চলত সাহায্য প্ৰদান কৰে ৷
প্ৰাক্তন বিধায়ক গৰাকীয়ে প্ৰদান কৰা সাহায্য সামগ্ৰী গ্ৰহন কৰি বানপীৰিত ৰাইজে প্ৰাক্তন বিধায়ক গৰাকীক ধন্যবাদ জনালে ৷
পংকজ সৰকাৰ, মঙ্গলদৈ, Ne India News