বন্ধ হ’ব নেকি ৱেব ছিৰিজ ‘তাণ্ডৱ’ !
এমাজন প্ৰাইমত মুক্তি লাভ কৰা পাছতে বিতৰ্কত সোমাই পৰিছে ৱেব ছিৰিজ ‘তাণ্ডৱ’।ৱেব ছিৰিজ খনৰ লেখক আৰু পৰিচালকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে লক্ষ্ণৌত ।
ৱেব ছিৰিজ খনত অভিনেতা ছেইউফ আলী খান, ডিম্পল কাপাডিয়া, সুনীল গ্ৰোভাৰ, তিগ্মাংশু ধুলিয়া আদিৰ দৰে অভিনেতা অভিনেত্ৰী আছে।
ৱেব ছিৰিজখনত প্ৰধানমন্ত্ৰীৰ পদৰ গৰিমা লাঘৱ কৰাৰ আৰোপ উত্থাপিত হৈছে। যাৰ বাবেই পৰিচালক , নিৰ্দেশক , লেখক গৌৰৱ সোলাংকে আৰু এমাজন প্ৰাইমৰ কণ্টেণ্ট ইণ্ডিয়া হেড অপৰ্ণা পুৰোহীতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
আনহাতে ছচিয়েল মিডিয়াত ভাইৰেল ৱেব ছিৰিজ খনৰ এটা অংশ ই বিতৰ্ক ৰ ৰূপ লৈছে।ৱেব ছিৰিজ খনৰ১৭ মিনিটত দেখুওৱা ভগৱানে অশ্লীল শব্দৰ প্ৰয়োগ কৰা দৃশ্যাংশ ভাইৰেল হৈছে।
এই সংলাপসমূহক লৈ ধাৰ্মিক অনুভূতি আহত হোৱাৰ কথা কোৱা হৈছে। এই কাৰণতে ৱেৱ ছিৰিজক লৈ যথেষ্ট হাহাকাৰ হৈছে।
সেয়ে এই ৱেব ছিৰিজখন বন্ধ কৰাৰ দাবী তুলিছে বহু সংগঠনে।
News Desk Ne India