বন্ধৰ নামত পৰিৱেশ বিনষ্ট নকৰিৱ

0
983

                                         বন্ধৰ নামত পৰিৱেশ বিনষ্ট নকৰিৱ

NE INDIA: সুস্হ পৰিৱেশ তথা সুস্হ বাতাবৰণ হৈছে মানৱ জীৱনৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ বিষয় । সুস্হ বাতাবৰণ আৰু পৰিৱেশেহে মানৱ জীৱনক শান্তিপূৰ্ণ ভাৱে জীয়াই থকাত অৰিহণা যোগাই । লগতে প্ৰগতিশীল চিন্তাৰে মানৱ সমাজ আগুৱাই যাব পাৰিব। কিন্তু বৰ্তমান সময়ত আমাৰ দেশ, ৰাজ্য অসমকে ধৰি বিভিন্ন ৰাজ্যত বন্ধৰ নামত যি এক অশুভ পৰম্পৰাৰ সৃষ্টি হৈছে ,তাৰ বাবে ক্ৰমে  পৰিৱেশ বিনষ্ট হৈ আহিছে, ই এক চিন্তনীয় বিষয় হৈ পৰিছে । বন্ধ নামেৰে আন্দোলনকাৰীসকলে যেন কিছুমান উৎসৱহে পাতিবলৈ লৈছে, আন্দোলনকাৰীসকলে অপ্ৰিতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি পৰিৱেশ বিনষ্ট কৰি আহিছে । বিভিন্ন ঠাইত বন্ধৰ নামত পথত টায়াৰ জ্বলোৱাৰ লগতে কিছুমান শব্দ প্ৰয়োগেৰে সামাজিক পৰিৱেশ বিনষ্ট কৰি পেলাইছে ।
         আন্দোলনকাৰীসকলৰ লগতে বন্ধ সমৰ্থক সকলে এটা কথা ভালদৰে উপলব্ধি কৰাটো উচিত যে, আন্দোলনে এখন সমাজত সুস্হ সামাজিক বাতাবৰণ সৃষ্টি কৰিব নোৱাৰে । ই মানৱ সমাজক ধ্বংস মুখলৈহে ঠেলি দিয়ে ।
এটা টায়াৰৰ পৰা ওলোৱা ধোৱাঁ‌ই কিদৰে বায়ু প্ৰদুষণ কৰিব পাৰে, ডাঙৰ ডাঙৰ শব্দ যন্ত্ৰ প্ৰয়োগেৰে শব্দ প্ৰদুষণৰৰ সমাজত সামাজিক পৰিৱেশ বিনষ্ট কৰিব পাৰে এইবোৰ কথা আজিৰ জনতাই উপলব্ধি কৰাটো উচিত ।
         অন্যহাতে বন্ধ বা আন্দোলনে দেশ এখনৰ জনতাক কেতিয়াও অৰ্থনৈতিক ভাৱে স্বাৱলম্বী কৰি তুলিব নোৱাৰে । ই দেশৰ অৰ্থনীতিত ক্ষতি সাধন হে কৰে । আনকি বন্ধই সাধাৰণ শ্ৰেণী মানুহৰ লগতে বহুতো ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ জীৱনো ধ্বংস কৰি পেলাইছে । এটা বন্ধ দিনে ছাত্ৰ-ছাত্ৰী জীৱনত কিমান যে কু-প্ৰভাৱ পেলাব পাৰে, কিমানজনে বন্ধ কাৰণে মৃত্যুক আকোৱাঁলী লব পাৰে এই কথা আজিৰ জনতাই ভালকৈয়ে বিচাৰ-বিবেচনা কৰি চাব সময় হ’ল । আজিৰ জনতাই বন্ধক এটা উৎসৱ হিচাপে নলৈ বন্ধক এটা সমাজ ধ্বংস কাৰক হিচাপে মানি আগুৱাই গলেহে সমাজত সামাজিক ব্যাধিয়ে ছানি ধৰিব সুবিধা নাপাব আৰু সমাজত শান্তি বাতাবৰণ সৃষ্টি হব ।

গোলাপ চাংমাই
চিলাপথাৰ, ধেমাজি
৮৮৭৬৫৬৮৮৩৯

LEAVE A REPLY

Please enter your comment!
Please enter your name here