বন্ধৰ দ্বাৰা সমস্যাৰ সমাধান হয়নে ?

0
1843
NEWS DESK NE INDIA: পেট্ৰ’ল ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বাবে সোমবাৰে বিৰোধী দল কংগ্ৰেছে সমগ্ৰ দেশত ভাৰত বন্ধ ঘোষণা কৰিলে ৷ বন্ধ মানি ল’লে সমগ্ৰ দেশৰ জনগণে ৷ লগতে বন্ধ বিৰোধীসকলেও উপায়ন্তৰ হৈ বন্ধ সৰ্বাত্মক কৰিবলৈ বাধ্য হ’ল ৷কিন্তু প্ৰশ্ন হয়,জনতাক হাৰাশাস্তি কৰি বন্ধ দিয়াৰ কাৰণে কাৰ কিমান লাভ হ’ল ? দেশৰ তথা সমাজৰ একাংশৰ কাৰণে বন্ধ মানেই শান্তি ৷ কাৰণ পৰিয়ালৰ লগত এখন্তেক কটোৱাৰ সুবিধা পায় তেওঁলোকে। কিন্তু আন একাংশৰ কাৰণে বন্ধ মানেই সেই নিৰ্দিষ্ট দিনটোত উপাৰ্জনহীন হৈ এসাঁজ খাই এসাঁজ গোটোৱাৰ কাৰণে কৰিব লগা হয় সংগ্ৰাম। ইফালে সমাজৰ খাটি খোৱা লোকসকলে বন্ধৰ ভাষা বুজি নাপায়। তেওঁলোকক হয়তো বন্ধ দিয়াৰ কাৰণটোৰ সন্দৰ্ভত সুধিলেও নিমাত হৈ ৰ’ব ৷
অন্যহাতে পেট্ৰ’ল ডিজেল তথা অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্যবৃদ্ধিৰ বাবে সোমবাৰে দিয়া বন্ধৰ পিছতো পেট্ৰ’ল ডিজেলৰ দাম কমিলনে ? বন্ধৰ প্ৰভাৱে ৰজাঘৰীয়া বৰমূৰীয়াসকলক ক্ৰিয়া কৰিব পাৰিলনে ?উল্লেখযোগ্য যে, পেট্ৰ’ল ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধিক প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদৰ মন্তব্য যে, পেট্ৰ’ল ডিজেলৰ দাম হ্ৰাস কৰাৰ ক্ষমতা আমাৰ হাতত নাই ৷কিন্তু অনতিপলমে পেট্ৰ’ল ডিজেলৰ দাম হ্ৰাস কৰাৰ কাৰণে বিশেষ ব্যৱস্থা লোৱা হ’ব ৷ গতিকে বন্ধৰ নামত ৰাজ্যখনত হোৱা হিংসাত্মক পৰিস্থিতিসমূহৰ পৰা হোৱা ক্ষয় ক্ষতিৰ হিচাপ কোনোবাই ল’বনে ? লগতে ক্ষতিপুৰণসমূহ কোনে দিব ?অন্যহাতে ৰাজ্যৰ বিভিন্ন ঠাইত একাংশ বন্ধ সমৰ্থকে গাড়ী ভঙাৰ লগতে টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছে ৷ সেইসমূহ প্ৰতিবাদকাৰী তথা দল সংগঠনলৈ এটাই প্ৰশ্ন ,টায়াৰ জ্বলাই প্ৰতিবাদ কৰা সকলে আকৌ বিশ্ব পৰিবেশ দিৱসত বৃক্ষ ৰোপন কাৰ্যসূচীত কেনেদৰে ভাগ লয় ? অন্যহাতে সমগ্ৰ জীৱন কষ্টোপাৰ্জিত ধনেৰে এখন বাহন ক্ৰয় কৰে এজন ব্যক্তিয়ে ৷ কিন্তু প্ৰতিবাদৰ নামত বাহন ভাঙি চূৰমাৰ কৰাৰ অৰ্থ কি ?  বন্ধৰ উদ্দেশ্য যিয়েই নহওঁক ,কিন্তু বন্ধৰ নামত অতপালি কিয় ? অৱশ্য গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে ৷ কিন্তু প্ৰতিবাদৰ নামত হিংসা কিয় ? ক’ত গ’ল জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শ ৷ জাতিৰ পিতাই কোনো ধৰণৰ হিংসা,ক্ৰোধৰ আশ্ৰয় নোলোৱাকৈ এখন দেশ স্বাধীন কৰিছিল। তেনেস্থলত এই সমূহ দল সংগঠনৰ প্ৰতিবাদৰ ভাষা কেনেকৈ ইমান নিকৃষ্ট হ’ব পাৰে ? এনে হেজাৰটা প্ৰশ্নৰ উদয় হৈছে প্ৰত্যেকজন সচেতন ব্যক্তিৰ মনত ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here