Friday, March 24, 2023
HomeAssameseবনগাঁও বকো মৌজাৰ খাটল পাৰাত মাৰৈ পূজা

বনগাঁও বকো মৌজাৰ খাটল পাৰাত মাৰৈ পূজা

প্ৰায় সাত শ বছৰীয়া অতিতৰ পৰম্পৰা ৰক্ষা কৰি ধৰ্মীয় ৰীতি নীতিৰে কামৰূপ জিলাৰ বকো খাটল পাৰাত আয়োজন কৰা হৈছে মাৰৈ পূজা। বিগত বছৰবোৰৰ দৰে এই বেলিও বনগাঁও – বকো মৌজা পৰিষদৰ উদ্যোগত জেঠ মাহৰ তিথিত আয়োজন কৰা হৈছে মাৰৈ পূজা। যোৱা ৮ জুনৰ পৰা আৰম্ভ হোৱা মাৰৈ পুজা ১১ জুনলৈ চাৰিদিনীয়া বিস্তৃত কাৰ্য্যসুচীৰে আয়োজন কৰা হৈছে । মাৰৈ পূজাৰ আটাইকেইদিন বৃহত্তৰ অঞ্চলটোৰ ধৰ্মপ্ৰাণ ৰাইজৰ সমাগম ঘটে। সম্পূৰ্ণ মাংগলিক পৰম্পৰা ৰক্ষা কৰি বৈদিক নিয়মেৰে মিজু ; ঘট আৰু অন্যান্য কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় । শনিবাৰে ভৰ মাৰৈ পূজা। মাৰৈ পূজা মন্দিৰ প্ৰাঙ্গনত ভক্ত তথা দৰ্শনাৰ্থীৰ মনসা দেৱীক পূজা আৰু বন্দনা কৰা পৰিবেশ বিনন্দীয়। পুজাৰ কাৰ্য্যসুচীত অংশগ্ৰহণ কৰে বিশিষ্ট সমাজকৰ্মী তথা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী পাৰিষদ ডা: শৰৎচন্দ্ৰ ৰাভা ; বৰ্ত্তমানৰ মুখ্য কাৰ্য্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভা ৰাভা হাছং পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা ; ইফালে আজি সেৱা জনায় মাৰৈ পূজাত অংশগ্ৰহণ কৰে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে।

মহিদুল ইছলাম, বকো, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments