বদৰপুৰত লায়ন্স ক্লাৱৰ উদ্যোগত চকু চিকিৎসা শিবিৰ অনুষ্ঠিত

0
765
লায়ন্স ক্লাৱ ইন্টাৰনেচনেল (ডিষ্ট্ৰিক্ট-৩২২) উদ্যোগত লায়ন্স ক্লাৱ বদৰপুৰ গ্ৰেটাৰ আৰু লায়ন্স চকু হাস্পতালৰ ব্যৱস্থাপনাত সোমবাৰে চকু চিকিৎসা শিবিৰ আয়োজন কৰা হয় । বদৰপুৰ ৰে’লৱে হাস্পতালত বিনামূলীয়া এই চিকিৎসা শিবিৰ অনুষ্ঠিত হয় । এই উপলক্ষে অনুষ্ঠানটোত উপস্থিত থাকে লায়ন্স ক্লাৱ অৱ বদৰপুৰ গ্ৰেটাৰৰ সভাপতি মুকেশ আগৰৱালা , লায়ন্স চকু হাস্পতালৰ সহ সভাপতি অৰিন্দম ভট্টাচাৰ্য্য, ড: স্বপন কুমাৰ দাস, অনুপ চাঁদ দপ্তৰী, শ্যামলাল তুশনিয়াল, জিলা পৰিষদৰ সদস্য এনাম উদ্দিন, চিএনএছ ৰুবি ভট্টাচাৰ্য্য । শিবিৰটো আৰম্ভ কৰাৰ পূৰ্বে এক সংক্ষিপ্ত সভা অনুষ্ঠিত হয় । সভাত আদৰণি ভাষণ ৰাখে সভাপতি মুকেশ আগৰৱালে । এই সভাতে চকু বিশেষজ্ঞ ডা: জয়া নাথে চকু সম্পৰ্কে ল’ব লগা যতনৰ বিষয়ে অৱগত কৰায় । এই সভাত বিজেপি নেতা প্ৰদীপ ৰায়ে আগন্তুক দিনত এনেধৰণৰ চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হ’ব । এদিনীয়াকৈ অনুষ্ঠিত হোৱা এই চকু চিকিৎসা শিবিৰত ডা: সলিল কুমাৰ দেশমুখ্য, ড: জয়া নাথ, কানাই বণিকে চকুৰ ছানি পৰা ৰোগৰ চিকিৎসা কৰে ।
শমীন্দ্ৰ পাল, বদৰপুৰ, NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here