বজালী জিলাৰ বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

10

বজালী জিলাৰ বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

বজালী জিলাৰ বানাক্ৰান্ত বিভিন্ন অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । মঙলবাৰে বজালী জিলাৰ পাটাছাৰকুছিৰ কালদিয়া নৈ বানত ক্ষতিগ্ৰস্থ হোৱা অঞ্চল সমুহ পৰিদৰ্শন কৰি সেই অঞ্চলৰ বন্যাৰ্তৰ অৱস্থাৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে । পাটাৰকুছিৰ কুৱাৰাত উপস্থিত হৈ বান আক্ৰান্ত সকলক প্ৰয়োজনীয় সকলো সা-সুবিধা প্ৰদানৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশনা দিয়ে ।

পাটাছাৰকুছিৰ কুৱাৰাৰ পিচতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় ভৱানীপুৰৰ মেধিকুছিত । পহুমাৰা নৈৰ বানে সৃষ্টি কৰা ক্ষয়ক্ষতিৰ বুজ লয় । বানাক্ৰান্তৰ সৈতে বাৰ্তালাপ কৰি , বানাক্ৰান্তই সন্মুখীন হোৱা সমস্যাসমুহৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে । ৪২৫ নম্বৰ মেধিকুছি আদৰ্শ প্ৰাথমিক বিদ্যালয় , প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্থাপন কৰা আশ্ৰয় শিবিৰ সমুহ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
বানত ক্ষতিগ্ৰস্ত বা ধ্বংস হোৱা ঘৰসমুহ পুনঃনিৰ্মাণৰ বাবে চৰকাৰে সহযোগ আগবঢ়াব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভবানীপুৰ সমষ্টিৰ অন্তৰ্গত সৰলপাৰা নয়াপাৰাত উপস্থিত হৈ পহুমাৰা নৈ য়ে সৃষ্টি কৰা বানপৰিস্থিতিৰ বুজ লয় । বানৰ কৱলত পৰা অঞ্চল সমুহ খোজকাঢ়ি বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে বানাক্ৰান্তৰ অৱস্থাৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ।

বানাক্ৰান্ত অঞ্চল সমুহ পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী ৰণজিৎ দাস , ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰ , বজালী জিলাৰ উপায়ুক্ত কাবেৰী বৰকাকতি শৰ্মাই ।

News Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here