১৯৩৮ চনত তিনিচুকীয়া চহৰত কেইজন ব্যাক্তিৰ প্ৰচেষ্টাত আৰম্ভ কৰা হৈছিল এখনি বিদ্যালয়। পৰবৰ্তী পৰ্যায়ত উক্ত বিদ্যালয় খন তিনিচুকীয়া দূৰ্গাবাড়ীত স্থায়ী ভাবে নিৰ্মান কৰা হয়। তিনিচুকীয়া বঙ্গীয় বিদ্যালয়ৰ পৰা উত্তীৰ্ণ ছাত্ৰই আজি চিকিৎসক বিজ্ঞানী অভিযন্তা হৈ দেশ বিদেশত বিদ্যালয় খনৰ নাম উজ্বলাই আছে। প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী লৈকে থকা উক্ত বিদ্যালয় খন চেনাইৰাম বিদ্যালয়ৰ লগত মিলাবলৈ চৰকাৰে এখনি জাননী দিয়াৰ পাছত ক্ষোভত আজি বিদ্যালয় খনৰ শিক্ষক আৰু অভিভাৱক সকলে একত্ৰিত হৈ দুৰ্গাবাৰী স্থিত বঙ্গীয় বিদ্যালয়ৰ পৰা হাতে হাতে বেনাৰ পোষ্টাৰ লৈ তিনিচুকীয়া থানা চাৰিআলি ত উপস্থিত হয় শান্তিপূৰ্ণ ভাবে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰে । স্বাধীনতাৰ পূৰ্বে প্ৰতিষ্ঠিত হোৱা এই বিদ্যালয় খনৰ এখনি সুকীয়া পৰিচয় আছে তথা এই বিদ্যালয়ৰ লগত বহুতৰে আবেগ অনুভুতি জৰিত আছে বুলি শিক্ষক আৰু অভিভাৱক সকলে জানিব দিয়ে। চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব দিয়াৰ লগতে জাননী খনক লৈ বিবেচনা কৰিব লাগে বুলি প্ৰতিৱাদকাৰী সকলে মত পোষন কৰে।
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News