Saturday, March 25, 2023
HomeAssameseবঙাইগাঁও জিলাৰ খহনীয়াগ্ৰস্ত সৃজনগ্ৰাম অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্রীৰ

বঙাইগাঁও জিলাৰ খহনীয়াগ্ৰস্ত সৃজনগ্ৰাম অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্রীৰ

বঙাইগাঁও জিলাৰ খহনীয়াগ্ৰস্ত সৃজনগ্ৰাম অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্রীৰ

সাম্প্ৰতিক বানত আৰ্তজনক সহায়ৰ অৰ্থে ড° হিমন্ত বিশ্ব শর্মাৰ চৰকাৰখনে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে৷ তাৰে পৰিপ্ৰেক্ষিতত মঙ্গলবাৰে মুখ্যমন্ত্রী গৰাকীয়ে বঙাইগাঁও জিলাৰ খহনীয়াগ্ৰস্ত সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত তিনিকোণীয়া পাৰ্ট-ৱান (গোবিন্দপুৰ) অঞ্চলটো পৰিদৰ্শন কৰে৷ পৰিদৰ্শনকালত খহনীয়াপীড়িত লোকসকলৰ অৱস্থাৰ বুজ লোৱাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময় কৰে৷ পৰিদৰ্শনৰ অন্তত মালেগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত জিলা প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হ’য় মুখ্যমন্ত্রী গৰাকীয়ে। উক্ত বৈঠকখনত বানপীড়িতলৈ প্ৰশাসনৰ তৰফৰ পৰা গ্ৰহণ কৰা সাহায্য আৰু পুনৰ সংস্থাপন ব্যৱস্থাৱলীৰ পৰ্যালোচনা কৰা হ’য়৷
তিনিকোণীয়া পাৰ্ট-ৱান (গোবিন্দপুৰ) অঞ্চলটোত নৈৰ খহনীয়া ৰোধৰ বাবে ৰাজ্য চৰকাৰে এখন খহনীয়া প্ৰতিৰোধ আঁচনি গ্ৰহণৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ৷ ইয়াৰোপৰি মাণিকপুৰ, সৃজনগ্ৰাম আদিকে ধৰি অঞ্চলটোৰ আন আন স্থানৰো খহনীয়া ৰোধৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে৷ বঙাইগাঁও জিলাৰ চাৰি হাজাৰতকৈও অধিক বানপীড়িত পৰিয়ালক চৰকাৰে ৩৮০০ টকাকৈ আগবঢ়াবলৈ সক্ষম হোৱাৰ লগতে তিনি লাখতকৈও অধিক বানপীড়িত লোকলৈ যথাযথ সাহায্য আগবঢ়াইছে ৷ লগতে জিলাখনত বানত যিসকল লোকৰ গৃহ ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক আগষ্ট মাহৰ ভিতৰতে আৰ্থিক সাহায্য প্ৰদানৰ পদক্ষেপ লোৱা হৈছে আৰু বানত যিসকল শিক্ষাৰ্থীৰ কিতাপ-পত্ৰকে ধৰি শিক্ষন সামগ্ৰী নষ্ট হৈছে, তেনে ছাত্ৰ-ছাত্ৰীলৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব বুলি মন্তব্য মুখ্যমন্ত্রীৰ৷ পৰিদৰ্শনকালত কেবিনেট ৰণজিৎ কুমাৰ দাস, জিলা উপায়ুক্ত নৱদীপ পাঠক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ সৈতে উপস্থিত থাকে ৷

News Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments