Sunday, May 28, 2023
HomeAssameseবকো ছোৱালী হাইস্কুলৰ ইক' ক্লাৱৰ উদ্যোগত কুইজ : কবিতা ; শ্লোগান আৰু...

বকো ছোৱালী হাইস্কুলৰ ইক’ ক্লাৱৰ উদ্যোগত কুইজ : কবিতা ; শ্লোগান আৰু চিত্ৰাংকন প্ৰতিযোগিতা সমাপন।

-স্কুলৰ পাঠ্য পুথিৰ জ্ঞানৰ ,উপৰিও ব্যৱহাৰিক জ্ঞানৰ জৰিয়তে, চিনাকি দিব পৰা ব্যৱস্থাৰো প্ৰসাৰ কৰিব লাগে বুলি মন্তব্য কৰে বকো বি এড কলেজৰ অধ্যক্ষা ড: মেৰী চৌধুৰীয়ে।মঙ্গলবাৰে বকো ছোৱালী হাইস্কুলত আয়োজন কৰা, বৌদ্ধিক শিক্ষাৰ কাৰ্য্যসুচীত অংশগ্ৰহণ কৰি, এইদৰে কয় অধ্যাক্ষা গৰাকীয়ে। উল্লেখ্য যে ; কামৰূপ জিলাৰ বকো শিক্ষাখণ্ডৰ অধিনৰ শিক্ষানুষ্ঠান , বকো ছোৱালী হাইস্কুলত ,আজি আয়োজন কৰা হয় কুইজ ; কবিতা ; শ্লোগান দিয়া – লেখা আৰু চিত্ৰাংকন প্ৰতিযোগিতা। বকো ছোৱালী হাইস্কুলৰ ইক’ ক্লাৱৰ উদ্যোগত ,হাইস্কুল খনৰ ছাত্ৰী সকলোৰ, বৌদ্ধিক জ্ঞান আৰু চিন্তাৰ প্ৰসাৰৰ বাবে ,আয়োজন কৰা হৈছে এনে ব্যতিক্ৰমী কাৰ্য্যসূচী। বকোস্থিত শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ , একাংশ প্ৰশিক্ষাৰ্থীৰ সহযোগত আৰু বকো ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক জ্ঞানেন্দ্ৰ কলিতাই সঞ্চালনা কৰা অনুস্থানত , বিশেষ সমল ব্যক্তি হিচাপে উপস্থিত থাকে ,বকো শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষা ,ড: মেৰী চৌধুৰী। বকো ছোৱালী হাইস্কুলৰ সহকাৰী শিক্ষয়িত্ৰী ,অনুৰাধা দেৱীয়ে আত ধৰা অনুস্থানত বকো ছোৱালী হাইস্কুলৰ, ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ সকলো ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। স্কুলৰ ছাত্ৰী সকলোৰ মাজত ,আয়োজন কৰা কুইজ ; কবিতা ; শ্লোগান দিয়া – লেখা আৰু চিত্ৰাংকন প্ৰতিযোগিতাত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ছাত্ৰী সকলোৰ মাজত শিক্ষাত ব্যৱহৃত আকৰ্ষনীয় সজুলি উপহাৰ দিয়া হয়।

 বকোৰ পৰা মহিদুল ইছলামৰ ৰিপোৰ্ট।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments