Home Assamese বকোৰ ২নং বৰুৱা পথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ বিদায়ী সভা

বকোৰ ২নং বৰুৱা পথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ বিদায়ী সভা

123

মানৱ সম্পদ গঢ়া খনিকৰৰ দায়িত্ব সামৰি সদ্য‌ অৱসৰ গ্ৰহণ কৰা কামৰূপ জিলাৰ বকোৰ ২ নং বৰুৱা পথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ সহ শিক্ষক মঃ আমিৰ হুছেইনক সোমবাৰে আনুষ্ঠানিক ভাৱে বিদায় জনোৱা হয়। উল্লেখ্য যে , ছমৰীয়া শিক্ষা খণ্ডৰ অধীনৰ ২নং বৰুৱা পথাৰ মধ্য ইংৰাজী বিদ্যালয়ত সোমবাৰে এক মনোজ্ঞ পৰিবেশত আয়োজন কৰা হয় শিক্ষক গৰাকীৰ বিদায়ী সভা।‌বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী তথা পৰিচালনা সমিতিৰ উদ্যোগত আয়োজন কৰা বিদায়ী সভাত শিক্ষক গৰাকীৰ কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰা হয় আৰু বিনা বেতনে অৱসৰ গ্ৰহণ কৰা শিক্ষকগৰাকীৰ অৱদানক শ্ৰদ্ধাৰে সুঁ‌ৱৰে। সৎ আৰু নিষ্ঠাৱান শিক্ষক গৰাকীক বিদায়ী অনুস্থানত ঊষ্ণ সম্ভাষণ জনোৱা হয়। শিক্ষক গৰাকীক গামোচা , ধৰ্মপুথি , শৰাই ,কলমৰ থোপা তথা অন্যান্য সামগ্ৰী প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়। এক শোক বিহব্বল পৰিবেশত শিক্ষক গৰাকীক বিদায় জনোৱা হয়।

মহিদুল ইছলাম, বকো , Ne India News

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here