হাহিমত জননেতা সব্যসাচি ৰাভা ক্ষেত্ৰত ২৫ নং হাহিম সমষ্টিৰ হিতাধিকাৰী সকলৰ মাজত বিতৰণ কৰা বহু সা সামগ্ৰী ৷ ২৫ নং হাহিম স্বায়িত্ব শাষিত পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য সোণাৰাম ৰাভাই আনুস্থানিক ভাবে শুভাৰম্ভ কৰে এই অনুদান বিতৰণ কাৰ্যসুচী ৷ হিতাধিকাৰি সকলৰ মাজত টিং, দমকল, খেতিয়ক সকল উপকৃত হব পৰাকৈ স্প্ৰে মেচিন , পানী সিচা মেচিন, সমষ্টিৰ অন্তৰ্গত সংঘ সমুহক ষ্টিল আলমিৰা, ফুটবল, ভলীবল , প্লাস্টিকৰ চকী আদি বিতৰণ কৰাৰ ওপৰি মুগা খেতিয়ক সকলকো প্ৰদান কৰা হয় লাগতিয়াল সামগ্ৰী ৷ লগতে শীপিনি সকলৰ মাজতো সূতা , চিলাই মেচিন বিতৰণ কৰা হয় ৷ আনহাতে পাহাৰীয়া অঞ্চলটোত হাতী মানুহৰ সংঘাত অন্ত কৰা উদ্দেশ্যে নিশাৰ সুবিধাৰ বাবে চাৰ্জিং লাইট প্ৰদান কৰা হয় বহু কেইটা পৰিয়ালৰ মাজত ৷ কাৰ্যবাহী সদস্য সোণাৰাম ৰাভাই জানিবলৈ দিয়া মতে ২০২০-২০২১ বিত্তীয় বৰ্ষৰ ধনেৰে দিয়া হৈছে এই অনুদান সমুহ ৷ প্ৰায় ২০০ লোকে লাভ কৰিছে এই সুবিধা ৷
মহিদুল ইছলাম , বকো , Ne India News