বকোৰ নগৰবেৰা বনাঞ্চলিক বিষয়াই উঠি ৰজা বহি ৰজা। ৰক্ষকেই ভক্ষকৰ ৰূপত বন বিষয়া
ৰাজ্যৰ বন বিভাগত সংঘটিত হোৱা বিয়াগোম দূৰ্ণিতী আৰু ভ্ৰষ্টাচাৰৰ বাতৰি প্ৰতি দিনাই পোৱাৰ দৰে কামৰূপ জিলাৰ নগৰবেৰাতো সংঘটিত হয়।
প্ৰাপ্ত তথ্য অনুসৰি ; বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত নগৰবেৰা বনাঞ্চলিক বিষয়াই যোৱা ২৬ তাৰিখ আৰু ১৯ তাৰিখে এগৰাকী বিট অফিচাৰৰ সহযোগত মেধিপাৰা আৰু জামলাই নামৰ ঠাইৰ পৰা কাঠ ভৰ্তি ডি আই আৰু এ এছ-০১ এন চি ৫২৫৫ গাড়ী দুখন জব্দ কৰে।

ডি আই আৰু এ এছ – ০১ এন চি ৫২৫৫ নম্বৰৰ গাড়ী দুখনত মুল্যবান কাঠ আছিল বুলি জানিব দিয়ে প্ৰত্যক্ষ দৰ্শীয়ে।
ইফালে বন বিভাগে জব্দ কৰা কাঠ ভৰ্তি এ এছ -০১ এন চি ৫২৫৫ গাড়ী খন বন বিভাগৰ কাৰ্য্যালয়ত নাই।
জানিব পৰা মতে ; হেকেৰাৰ জনৈক দিগন্ত কলিতাৰ মালিকানাধীন গাড়ী খন নিশা বন বিভাগৰ লোকে জব্দ কৰিছিল।
আনহাতে পুৱা একাংশ প্ৰত্যক্ষ দৰ্শীয়ে গাড়ী খনৰ খৱৰ লোৱাত উক্ত নম্বৰৰ গাড়ী খন কাৰ্য্যালয়ৰ চৌহদত নাই। এই কথাই প্ৰমাণ কৰে যে কিৱা ৰহস্যজনক কাৰণত গাড়ী ২খন বন বিভাগে নিশাই মুকলি কৰি দিছে।
মহিদুল ইছলাম, বকো, Ne India News