বকোৰ ছাটাবাৰীত কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাই জব্দ কৰিলে দুখনকৈ অবৈধ চাউলৰ ট্ৰাক। দুখীয়া ৰাইজৰ বাবে ভাৰত চৰকাৰে বিনামূলীয়া কৈ প্ৰদান কৰা এই চাউল কোনো দুষ্ট চক্ৰই অবৈধভাৱে ব্যৱসায় চলাই আহিছিল। গোপন খবৰৰ ভিত্তিত কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাই এই চাউল ভৰ্ত্তি ট্ৰাক দুখন জব্দ কৰিবলৈ সক্ষম হয়। ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হয় আৰু আৰছুৱে ট্ৰাক দুখন আৰক্ষীক গতাই দিয়ে। বহুদিনৰে পৰা ছয়গাঁও ঔদ্যোগিক কেন্দ্ৰত এনেধৰণৰ অবৈধ বেহা চলি আছে বুলি অৱগত কৰি দুখীয়া ৰাইজৰ চাউল দুখীয়া ৰাইজে পাবৰ ব্যৱস্থা কৰি দিবলৈ অসম চৰকাৰক আহ্বান জনাইছে ৰাভা ছাত্ৰ সন্থাই।
মহিদুল ইছলাম , বকো ,Ne India News