বকোত শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথযাত্ৰা উদযাপন
হৰিধ্বনিত মুখৰিত বকোৰ ঘাইপথ। ধৰ্মীয় ভাৱনাৰে সমাজত শান্তিৰ বাতাবৰণ সৃষ্টি কৰিবলৈ এই বেলি প্ৰথম বৰ্ষৰ বাবে আয়োজন কৰা হৈছে বকোত শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথযাত্ৰা। কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ বৰপাৰাস্থিত শ্ৰী শ্ৰী তাৰক ব্ৰহ্ম হৰিনাম মহাযজ্ঞ স্থানৰ পৰা আৰম্ভ কৰে ৰথযাত্ৰাৰ। শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথযাত্ৰা উদযাপন সমিতিৰ সভানেত্ৰী কল্যাণী সাহা আৰু সম্পাদিকা স্বৰ্ণলতা ৰায়ে জনোৱা মতে ; সমাজত শান্তিৰ বাতাবৰণ সৃষ্টি কৰিবলৈ আৰু নতুন প্ৰজন্মৰ মাজত ভক্তিৰ ভাৱাদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ উৰিষ্যা ; পূৰী ; বৃন্দাবন আৰু মথুৰাৰ দৰে বৃহত্তৰ বকো অঞ্চলতো প্ৰভূ জগন্নাথৰ ৰথযাত্ৰা উদযাপন কৰা হৈছে। এই ৰথযাত্ৰা আজি বকোৰ ভিন্ন প্ৰান্তত ঘুৰোৱা হয় আৰু বকোৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নাম কীৰ্তন কৰি কৰি হৰিধ্বনিৰে ৰথযাত্ৰা ৰূপায়ণ কৰা হয়। শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথযাত্ৰা আজি আনুষ্ঠানিক ভাৱে ৰথৰ ৰছী টানি শুভাৰম্ভ কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ তথা যুৱ সমাজ কৰ্মী সুমিত ৰাভা ৰাভাই। দক্ষিণ কামৰূপ জিলা বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতি সঞ্জয় চৌধুৰীয়ে আত অনুস্থানত অচ্যুত সাহা ; কৃষ্ণ কান্ত ব্যণাৰ্জী ; সম্ভু ভদ্ৰ ; গোপাল সাহা ; সঞ্জীৱ ৰয় ; অমৰেন্দ্ৰ অধিকাৰী আদিকে ধৰি সহশ্ৰাধিক ভক্তপ্ৰাণ ৰাইজে সহযোগ আগবঢ়াই। জগন্নাথ ৰথযাত্ৰাই বকোত সকলোৰে সমাদৰ লাভ কৰে।
মহিদুল ইছলাম, বকো, Ne India News