শনিবাৰে বকোৰ মাজ মজিয়াত ই ৰিস্কা আৰু বাইকৰ মাজত সংঘটিত হয় ভয়ঙ্কৰ পথ দুৰ্ঘটনা । বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বকো হাইস্কুলৰ সন্মূখত সংঘটিত হয় এই ঘটনা । দুৰ্ঘটনা সংঘটিত হোৱা বাইকৰ নং AS AU 0288 আনহাতে ই ৰিস্কাখনৰ নং AS 25 ER 7472 । আহতদুই বাইক আৰোহী লামপাৰা কেকোপাৰাৰ চন্দন বড়ো আৰু ৰাজধৰ ৰাভা বুলি জানিব পৰা গৈছে। দুয়ো গৰাকীকে বকো স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও বাইক আৰোহি চন্দন বড়ো গুৰুতৰ ভাবে আঘাট পোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
মহিদুল ইছলাম ,বকো ,Ne India News