বকোত বি জে পিৰ মণ্ডল সমিতিৰ সংবাদ মেল
ৰাজ্য চৰকাৰৰ দূৰ্ণীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ নীতিক ভেঙুচালী কৰি একাংশ অসাধু লোকে চৰকাৰৰ অভিলাষি আঁচনি ৰেচন কাৰ্ড প্ৰদান আৰু অৰুণোদয় আঁচনিত সুবিধা প্ৰদানৰ বাবে উপ ঢৌকন লোৱা অভিযোগ উত্থাপন হৈছে। এই অভিযোগ পোনচাতেই নাকচ কৰি ভাৰতীয় জনতা পাৰ্টি ইয়াৰ লগত জড়িত নহয় বুলি বিগত ১৫ জুন তাৰিখে সংবাদ মেল মাতি বিষয়টো ৰাজহুৱা কৰাৰ লগতে ইয়াৰ লগত জড়িত সকলোক সকিয়নি দিয়ে। প্ৰকাশ্য যে ; বিগত ১৫ জুন তাৰিখে কামৰূপ জিলাৰ বকোস্থিত বি জে পিৰ মণ্ডল সমিতিৰ কাৰ্য্যালয়ত আয়োজন কৰে এক সংবাদ মেল। মণ্ডল সমিতিৰ সভাপতি অশ্বিনী পাঠকে সম্বোধন কৰা সংবাদ মেলত বকো বনগাঁও সমবায় সমিতি আৰু বন্দাপাৰাস্থিত বেকেলী সমবায় সমিতিৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালক ৰেচন কাৰ্ড বনায় দিয়াৰ বাবদ আৰু মহিলাক অৰুণোদয় আঁচনিত সুবিধা প্ৰদানৰ বাবে উপ ঢৌকন লোৱা অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ লগত বি জে পিৰ কৰ্মী জড়িত নহয় বুলি স্পষ্ট কৰাৰ লগতে এই ক্ষেত্ৰত জড়িত থকা ব্যক্তি আৰু সমবায়ৰ এজেণ্ট তথা অনলাইন চেন্টাৰৰ কম্পিউটাৰ ব্যৱসায়ীক কঠোৰ ভাষাৰে গৰিহণা দিছে। লগতে অতি শীঘ্ৰে এনে কাৰ্য্যৰ পৰা বিৰত নহ’লে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সংবাদ মেলৰ জৰিয়তে সকিয়নি দিয়ে সভাপতি অশ্বিনী পাঠকে।
মহিদুল ইছলাম, বকো, Ne India News