বকোত বিজেপিৰ দলীয় কার্যকৰ্তাৰ শান্তিৰ শোভাযাত্রাৰে ৪২তম প্ৰতিষ্ঠা দিৱস উদযাপন

49

ভাৰতীয় জনতা পাৰ্টীৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস কামৰূপ জিলাৰ বকোতো উদযাপন কৰা হয়। দক্ষিণ কামৰূপ জিলা বিজেপিৰ অন্যতম মণ্ডল সমিতি বকো মণ্ডল সমিতিৰ উদ্যোগত পালন কৰা হয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচী। বকো মণ্ডল সমিতি বিজেপিৰ সভাপতি অশ্বিনী পাঠক আৰু সম্পাদক গৌতম দাসে জনোৱা মতে ভাৰতীয় জন সংঘৰ পৰা ১৯৮০ চনত ভাৰতীয় জনতা পাৰ্টি গঠন হয়। এই দলটোৰ সংগঠক ড: শ্যামা প্ৰসাদ মুখাৰ্জী আৰু পণ্ডিত দীন দয়াল উপাধ্যায়ক স্মৰণ কৰি বুধবাৰে বকোত দলৰ সকলো মৰ্চাৰ বিষয় ববীয়া আৰু বুথ পৰ্যায়ৰ কাৰ্য্যকৰ্তাৰ সহযোগত পালন কৰা হয় প্ৰতিষ্ঠা দিৱস। ইফালে প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচী অনুসৰি পুৱা দলীয় পতাকা উত্তোলন আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত শান্তিৰ শোভাযাত্ৰা ৰূপায়ণ কৰা হয়।

বকো,মহিদুল ইছলাম,
NE India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here