Saturday, May 27, 2023
HomeAssameseবকোত জৌমাং সমন্বয় গোষ্ঠী বিহু দলৰ দলীয় বিহু হুঁচৰি প্ৰদৰ্শন

বকোত জৌমাং সমন্বয় গোষ্ঠী বিহু দলৰ দলীয় বিহু হুঁচৰি প্ৰদৰ্শন

অসমীয়াৰ প্ৰাণৰো প্ৰাণ বাপতি সাহোন বহাগ মাহৰ ৰঙালী বিহু গতিশীল আৰু উজ্জীৱিত কৰি ৰাখিবলৈ এক দীৰ্ঘ পৰিকল্পনাৰে নতুন সাজেৰে পাতনি মেলিছে কামৰূপ জিলাৰ বকোত জৌমাং সমন্বয় গোষ্ঠীয়ে। থলুৱা জনগোষ্ঠীয় লোক সংস্কৃতি আৰু বিহুৰ পৰম্পৰা জীয়াই ৰখাৰ লক্ষ্যৰে আজিৰে পৰা আনুষ্ঠানিক ভাৱে বিহু হুঁচৰি শুভাৰম্ভ কৰে শিল্পী গোষ্ঠীটোৱে। আজিৰ পৰা এক মাংগলিক নিয়মৰে শুভাৰম্ভ কৰে বিহু দলটোৰ বিহু হুঁচৰিৰ শুভাৰম্ভ। ভিন্ন প্ৰান্তত বিহুৰ মঞ্চত বিহু দলটোৰ বিহু হুঁচৰি প্ৰদৰ্শন কৰিবলৈ সাজু হোৱা প্ৰস্তূতি আনুষ্ঠানিক ভাৱে চূড়ান্ত কৰে। ইফালে জৌমাং সমন্বয় গোষ্ঠীৰ প্ৰতিস্থাপক সভাপতি যতীন ৰাভাই জনোৱা মতে ; কৃষ্টিৰ থাপনাত সৃষ্টিৰ অঞ্জলি যাচি শিল্পী গোষ্ঠীটোৱে আৰম্ভ কৰে বিহু হুঁচৰি দলটো। জৌমাং সমন্বয় গোষ্ঠীৰ সম্পাদকদ্বয় অবিনাশ দলৈ আৰু বিদ্যুত দাসে জনোৱা মতে ; বিশিষ্ট ঢোল বাদক উত্তম কলিতা ; বাঁহী বাদক ভৃগু সুত্ৰধৰ ; পেপা বাদক সহ বহু কেইজন বিশিষ্ট শিল্পী আৰু বাদ্য যন্ত্ৰীয়ে সহযোগ আগবঢ়াই। লগতে অসমৰ থলুৱা জনগোষ্ঠীয় সমাজৰ লোক সংস্কৃতি বিহু ; বাৰেবৰণীয়া ভিন্ন জাতীয় কৃষ্টি ; সত্ৰীয়া নৃত্য আদিকে ধৰি পৰম্পৰাগত লোক সংস্কৃতি নিখুঁত ভাৱে পৰিবেশন কৰিব পৰাকৈ প্ৰস্তূত হৈছে। জৌমাং সমন্বয় গোষ্ঠীৰ এই প্ৰচেষ্টাক আদৰণি জনাইছে আৰু ইয়াৰ দ্বাৰাই সংস্কৃতি জীয়াই ৰখাৰ শুভেচ্ছা জনায় উপস্থিত লোক সকলে। উল্লেখ্য যে ; আজি জৌমাং সমন্বয় গোষ্ঠীৰ বিহু হুঁচৰি দলটিয়ে প্ৰথমে আৰ্শীবাদ ল’ৱলৈ বকোৰ বিশিষ্ট যুৱ উদ্যোমী তথা সংস্কৃতিবান কৰ্মী জনাৰ্দন বড়োৰ ব্যৱসায়িকস্থল দীক্ষিতা চুইটছ এণ্ড বেকাৰীৰ সম্মুখত প্ৰথম বিহু হুঁচৰি প্ৰদৰ্শন কৰা হয় আৰু জনাৰ্দন বড়োৰ পৰা আৰ্শীবাদ গ্ৰহণ কৰে। ইফালে বড়ো ডাঙৰীয়াই বিহু দলটোৰ সকলো ক’লা কুশলীক কোকোকোলা কোম্পানীৰ পানী গ্লাচ উপহাৰ দিয়ে।

মহিদুল ইছলাম,বকো,Ne india news

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments