ফ্ৰান্সত আৰম্ভ ক’ৰনা দ্বিতীয় ৱেভ ! পুনৰ ঘোষণা লকডাউন

0
79

 

ফ্ৰান্সত আৰম্ভ ক’ৰনা দ্বিতীয় ৱেভ ! পুনৰ ঘোষণা লকডাউন

ফ্ৰান্সত আৰম্ভ হল ক’ৰনাৰ দ্বিতীয় ৱেভ।ক’ৰনা সংক্ৰমণ প্ৰতিৰোধৰ বাবে ফ্ৰান্সত ঘোষণা কৰা হৈছে লকডাউন ।বুধবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক’ৰ্ণে ১ ডিচেম্বৰলৈকে দেশখনত পুনৰ লকডাউন বলৱৎ থাকিব বুলি ঘোষণা কৰে।
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি গৰাকীয়ে দেশবাসীক সম্বোধন কৰি কয় যে,
“ভাইৰাছটো ফ্ৰান্সত এনে তীব্ৰ গতিত পুনৰ সংক্ৰমণ ঘটিছে যে যিটো কোনেও ভৱিষ্যৎ বাণী কৰিব পৰা নাছিল।”
“ইউৰোপৰ আন ঠাইৰ দৰে আমিও দ্বিতীয়টো ৱেভত প্ৰৱেশ কৰিছো আৰু সম্ভৱত ই হয়তো আমাৰ বাবে পূৰ্বতকৈ অধিক কঠিন মাৰাত্মক হ’ব।”
তেও লগতে কয় যে “যদি আমি এতিয়াই কিবা এটা নকৰো তেনেহ’লে কেইটামান মাহৰ ভিতৰত আমি ৪ লক্ষাধিক লোকক হেৰুৱাব লাগিব।”

দেশত ক’ৰণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেশখনৰ ৰাষ্ট্ৰপতিয়ে দেশত এমাহৰ বাবে সম্পূৰ্ণ লকডাউন বলৱৎ কৰাৰ কথা ঘোষণা কৰে।

News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here