ফ্লোৰ টেষ্টত অংশ লবলৈ কাইলৈ মুম্বাইত উপস্থিত হব একনাথ সিন্ধে

7

ফ্লোৰ টেষ্টত অংশ লবলৈ কাইলৈ মুম্বাইত উপস্থিত হব একনাথ সিন্ধে

মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে প্ৰতি মুহুৰ্ততে লৈছে নতুন মোৰ । উচ্চতম ন্যায়লয়ে ১১ জুলাইলৈ বিসম্বাদী বিধায়কক অযোগ্য ঘোষিত কৰাৰ বাবে বিধানসভাৰ অধ্যক্ষই জাৰি কৰা জাননী সন্ধৰ্ভত স্থগিতাদেশ দিছিল । ফলত মনোবল বৃদ্ধি পাইছিল একনাথ সিন্ধে গোটৰ । তাৰপিচতে উদ্ধৱ ঠাকৰে চৰকাৰক শাসনৰ পৰা আতৰোৱাৰ প্ৰক্ৰিয়া তীব্ৰ হৈছে । wait and watch নীতিৰে এই সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰি থকা বিজেপি শিবিৰতো সক্ৰিয়তা আৰম্ভ হৈছে ।
গুৱাহাটীত বাহৰ পাতি একনাথ সিন্ধে গোটে বুধবাৰে গোৱালৈ উৰা মাৰিব । বৃহস্পতিবাৰে গোৱাৰ পৰা মুম্বাইলৈ যাৱ একনাথ সিন্ধেই নেতৃত্ব দিয়া বিধায়কৰ দলটো ।
ইয়াৰ পুৰ্বে বুধবাৰে পুৱা কামাখ্য ধামত উপস্থিত হয় একনাথ সিন্ধে । কামাখ্যা ধামত পুজা অৰ্চনা কৰে । কামাখ্যাৰ পৰা পোনে পোনে বৰঝাৰ বিমানবন্দৰলৈ যাৱ একনাথ সিন্ধে ।
দুপৰীয়া ১২ বজাত বাকী বিধায়ক সকলে যাত্ৰা কৰে কামাখ্যা ধামলৈ । বাছেৰে যোৱা বিধায়কৰ দলটো কামাখ্যা ধামত পুজা অৰ্চনা কৰাৰ পিচত পোনে পোনে যাব বিমানবন্দৰলৈ ।
তাৰপিচতে চাটাৰ্ড বিমানেৰে গোৱালৈ উৰা মাৰিব একনাথ সিন্ধে সহ বিধায়কৰ দলটো ।

News Desk , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here